অসম

assam

ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীত বিলাসীপাৰাত উত্তাল প্ৰতিবাদ - কৃষি আইন বাতিলৰ দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ

সোমবাৰে বিলাসীপাৰা কৃষি মহিলা মৰ্চাৰ উদ্যোগত,বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত কৃষি আইন বাতিলৰ দাবীৰে সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৃষি আইন কেইখন বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷

protest-at-bilashipara-opposing-farm-bill-2020
কৃষি আইন বাতিলৰ দাবীত বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

By

Published : Jan 18, 2021, 3:26 PM IST

বিলাসীপাৰা,18 জানুৱাৰী : দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত বিলাসীপাৰাত শ-শ কৃষক,মহিলাৰ উত্তাল প্ৰতিবাদ ৷ সোমবাৰে বিলাসীপাৰা কৃষি মহিলা মৰ্চাৰ উদ্যোগত বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত 2 ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদী কৃষক সকলে ৷ সোমবাৰে দিনৰ 11 বজাৰ পৰা 2 ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদী সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৃষি আইন কেইখন বাতিল নকৰিলে দেশৰ সৰ্বস্তৰত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সকলে ৷

কৃষি আইন বাতিলৰ দাবীত বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক সকলে ৷ আনহাতে আজি 55 দিনত ভৰি দিছে দিল্লীত সাব্যস্ত কৰা কৃষকৰ প্ৰতিবাদে ৷ কিন্তু এই পৰ্যন্ত কৃষক সকলৰ দাবী মানি লোৱা নাই কেন্দ্ৰীয় চৰকাৰে ৷ ইতিমধ্যে এই আইন কেইখন স্থগিত ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ৷

লগতে পঢ়কঃকলগাছিয়াত ম'ৰেল পুলিচৰ ঘটনাঃ বিধৱা মহিলাক ৰছীৰে বান্ধি মাৰপিট

ABOUT THE AUTHOR

...view details