অসম

assam

By

Published : Aug 3, 2023, 8:56 PM IST

ETV Bharat / state

Save WIMCO: ধুবুৰীৰ উইমক’ ফেক্টৰীৰ ভূমি বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া

ধুবুৰীৰ উইমক’ ফেক্টৰীৰ ভূমি বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনত ৷ উইমকো বচাও কমিটীৰ উপৰিও বিভিন্ন দল সংগঠনে প্ৰতিষ্ঠানটোৰ ভূমি ITC এ অন্য এটা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়াৰ অভিযোগত পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

Protest against Wemco factory land sale in Dhubri
ধুবুৰীৰ উইমক’ ফেক্টৰীৰ ভূমি বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া

ধুবুৰীৰ উইমক’ ফেক্টৰীৰ ভূমি বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া

ধুবুৰী, 3 আগষ্ট:ধুবুৰীত পুনৰ তীব্ৰতৰ হৈ উঠিব উইমক’ ফেক্টৰী বচাও আন্দোলন ৷ ধুবুৰীৰ উইমক’ ফেক্টৰীৰ ভূমি বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনত ৷ উইমকো বচাও কমিটীৰ উপৰিও বিভিন্ন দল সংগঠনে প্ৰতিষ্ঠানটোৰ ভূমি অন্য এটা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়াৰ অভিযোগত পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

আনকি চৰকাৰী লিজত দিয়া ভূমি বিক্ৰী কৰাৰ উপৰিও স্থানীয় পূৰ্ব পুৰুষৰ নামত থকা পট্টা ভূমিও অতি গোপনভাৱে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ধুবুৰীৰ স্থানীয় পূৰ্ব পুৰুষে দান কৰা ভূমি আৰু কিছু চৰকাৰে লিজত দিয়া ভূমিত গঢ়ি তোলা জুইশলাৰ কাৰখানাটো বৰ্তমান ITC কোম্পানীয়ে গোপনভাৱে বিক্ৰী কৰিছে কামৰূপ আইচ আৰু কোল্ড ষ্টোৰ কোম্পানীৰ হাতত ৷

1925 চনত স্থাপিত হোৱা আৰু দেশৰ পাঁচটা লাভজনক মেচ ফেক্টৰীৰ ভিতৰত অন্যতম আছিল উইমক’ নামৰ এই জুইশলাৰ উদ্যোগটো ৷ ধুবুৰী চহৰৰ উপকণ্ঠ অঞ্চলৰ 132 বিঘা মাটিত স্থাপন হৈছিল বৃহৎ উদ্যোগটো ৷ 1935 চনত অসমৰ প্ৰথমটো শ্ৰমিক দিৱস উদযাপন কৰা হৈছিল এইটো উদ্যোগৰ পৰাই ৷ যদিও 1997 চনত বন্ধ হৈ পৰা কোম্পানীটো 2001 চনত বিক্ৰী কৰা হয় আই টি চি নামৰ এটা কোম্পানীৰ হাতত ৷

পৰৱৰ্তী সময়ত 2016 চনত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উইমক’ পুনৰ মুকলি কৰি ধুবুৰীৰ মেচ ফেক্টৰীৰ ঠাইত মৰাপাটৰ উদ্যোগ গঢ়ি তোলা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু সেয়া বাস্তৱত হৈ নুঠিল ৷ এতিয়া অতি সংগোপনে আই টি চি কোম্পানীয়ে উইমক’ৰ বৃহৎ পৰিমাণৰ ভূমি বিক্ৰী কৰে ৷ যাৰ ফলত জাঙুৰ খাই উঠিছে উইমক’ বচাও কমিটি আৰু স্থানীয় দল সংগঠনসমূহ ৷

এতিয়ালৈ ভূমি কিনা বেচাৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও ITC এ বিক্ৰী কৰা ভূমিৰ ভিতৰত আছে বৃহৎ পৰিমাণৰ চৰকাৰী ভূমিও ৷ এনে পৰিস্থিতিত কিদৰে চৰকাৰী মাটিত নামজাৰী কৰি ITC কোম্পানীয়ে কামৰূপ আইছ এণ্ড কোল্ড ষ্টৰেজ ফেক্টৰীক বিক্ৰী কৰিলে, ইয়াক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ ৷ তাৰোপৰি স্থানীয় ৰাইজে দান কৰা ভূমিও বিক্ৰী কৰিলে ITC কোম্পানীয়ে ৷ এনে পৰিস্থিতিত উদ্যোগৰ পৰিৱৰ্তে উদ্যোগ বিচাৰি এতিয়া পুনৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দল সংগঠনৰ ৷

লগতে পঢ়ক:Protest in Bisswanath Chariali: দুৰ্নীতিৰ বিৰুদ্ধে আৰ টি আই কৰাৰ বাবেই এজনক প্ৰাণে মৰাৰ চেষ্টা

ABOUT THE AUTHOR

...view details