অসম

assam

ETV Bharat / state

এন আৰ চি বাতিল কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - প্ৰতিবাদ

এন আৰ চিক লৈ নাৰাজ হিন্দু যুৱ ছাত্ৰ পৰিষদ । বাদ পৰা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবীত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । এন আৰ চি বাতিল কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে

এন আৰ চি বাতিল কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By

Published : Sep 16, 2019, 6:53 PM IST


বিলাসীপাৰা, 16 চেপ্তেম্বৰ : চাপৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৷ এন আৰ চিক লৈ ক্ষুব্ধ হিন্দু যুৱ ছাত্ৰ পৰিষদ । পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত চাপৰ নগৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দাহ কৰা হয় এন আৰ চিৰ প্ৰতীকী ৷ ভিত্তিবৰ্ষ 71 ৰ পৰিৱৰ্তে 51 কৰা, বাদ পৰা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবীত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ মইমতালিত এইখন এন আৰ চি প্ৰস্তুত হোৱা বুলি দাবী তুলি অতি শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে । উল্লেখ্য যে, বিগত 31 আগষ্টত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাচতে একাংশ দল সংগঠনৰ লগতে বিজেপিৰ নেতৃত্বইয়ো ইয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰা দেখা গৈছে ৷ ঠায়ে ঠায়ে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷

এন আৰ চি বাতিল কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details