পশ্চিম বিলাসীপাৰা,10মাৰ্চ:প্ৰাক্তন বিধায়কক পুনৰ টিকট প্ৰদানৰ বিৰোধিতাৰে ধুবুৰীৰ ২৬ নং পশ্চিম বিলাসীপাৰা সমষ্টিৰ ঢেমঢেমা অঞ্চল প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ বিগত ১৫ টা বছৰে সমষ্টিটোত এআইইউডিএফ দলৰ নেতা হাফিজ বছিৰ আহমেদে বিধায়ক হৈ আছে যদিও সমষ্টি উন্নয়নৰ বাবে কোনো কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷ মঙলবাৰে বিয়লি ক্ষুদ্ধ কংগ্ৰেছী নেতা কৰ্মীয়ে "এআইইউডিএফ হাটাও, সমষ্টি বাচাওঁ" শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
হাফিজ বছিৰ আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ নেতা কৰ্মীৰ - ধুবুৰী জিলা পৰিষদ
বিগত ১৫ টা বছৰে সমষ্টিটোত এআইইউডিএফ দলৰ নেতা হাফিজ বছিৰ আহমেদে বিধায়ক হৈ আছে যদিও সমষ্টি উন্নয়নৰ বাবে কোনো কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷ মঙলবাৰে বিয়লি ক্ষুদ্ধ কংগ্ৰেছী নেতা কৰ্মীয়ে এআইইউডিএফ হাটাও, সমষ্টি বাচাওঁ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
![হাফিজ বছিৰ আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ নেতা কৰ্মীৰ হাফিজ বছিৰ আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ নেতা কৰ্মীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10945113-thumbnail-3x2-gghkd.jpg)
হাফিজ বছিৰ আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ নেতা কৰ্মীৰ
হাফিজ বছিৰ আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ নেতা কৰ্মীৰ
উল্লেখ্য যে, বিধায়ক গৰাকীক অকৰ্মান্য আখ্যা দি সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত মহাজোঁটৰ পৰা কংগ্ৰেছী নেতা তথা ধুবুৰী জিলা পৰিষদৰ চেয়াৰমেন আছাদুৰ ৰহমানক প্ৰাৰ্থীত্ব দিবলৈ দাবী কৰিছিল যদিও পুনৰ সমষ্টিটোত হাফিজ বছিৰ আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল ৷ যদিহে মহাজোঁটে কোনো বিকল্প ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে সমূহীয়া ভাৱে দল ত্যাগ কৰাৰ হুংকাৰ দিয়ে কৰ্মী সকলে ৷
লগতে পঢ়ক:AIUDF শূণ্য হ'ল দক্ষিণ শালমাৰা