ধুবুৰী, 25 ছেপ্টেম্বৰ : শনিবাৰে হঠাৎ ধুবুৰীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Protest in Dhubri) ৷ এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিৱেশৰ ৷ অভিযোগ অনুসৰি, চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতাল নামৰ ধুবুৰীৰ এখন ব্যক্তিগত হাস্পতালৰ চিকিৎসালয় গাফিলতিৰ বাবেই মৃত্যু হয় বিনোধ বীণ নামৰ যুৱকজনৰ ৷
যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি যুৱকজনৰ আত্মীয়ই সৃষ্টি কৰে এক হুলস্থূলীয়া পৰিৱেশৰ (Protest against Chilarai Multispeciality Hospital in Dhubri) ৷ আনকি চিকিৎসালয়খনৰ বিৰুদ্ধে চিকিৎসালয়খনৰ সন্মুখৰ ৰাজপথত মৃতদেহ লৈ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে কৰে লাঠী চালনা কৰিবলৈ বাধ্য হয় প্ৰতিবাদকাৰীৰ ওপৰত ।
জানিব পৰা মতে, ধুবুৰী চহৰৰ 16 নম্বৰ ৱাৰ্ডৰ বিনোধ বীণ নামৰ যুৱকে নিজ গৃহতেই কাম কৰি থকা অৱস্থাত হঠাৎ বিদ্যুৎস্পৃষ্ট হয় । ফলত গুৰুতৰভাৱে আহত যুৱক জন ৷ তাৰ পাচতে যুৱকজনৰ পৰিয়ালৰ লোকে চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰায় ৷