অসম

assam

By

Published : Dec 10, 2019, 11:48 PM IST

ETV Bharat / state

অসমৰ সৰ্বত্ৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ : পুত্তলিকা দাহ

ৰাজ্যৰ বিভিন্ন স্থানত কেবৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ হৈ পৰিছে ৷ ধুবুৰীত ৰাজনৈতিক নেতাৰ পুত্তলিকা দাহ কৰাৰ লগতে হাইলাকান্দিত বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰক ক'লা পতাকা প্ৰদৰ্শন কৰা হয় ৷

অসমৰ সৰ্বত্ৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ
ধুবুৰীত ৰাজনৈতিক নেতাৰ পুত্তলিকা দাহ

ধুবুৰী/হাইলাকান্দি, 10 ডিচেম্বৰ : ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মঙলবাৰে এবিআমছুৱে কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে । "অসম চৰকাৰ হায় হায়", "কেন্দ্ৰীয় চৰকাৰ হায় হায়", "বিজেপি হায় হায়" আদি চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে এবিআমছুৱে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰোপৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্তমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰি জাতিধ্বংসী কেবৰ তীব্ৰ বিৰোধিতা কৰে সন্থাৰ সদস্যসকলে । প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক বাংলাদেশীৰ দালাল আখ্যা দিয়ে এবিআমছুয়ে । কেন্দ্ৰীয় চৰকাৰে কেব গৃহীত কৰিলে আগন্তক দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সন্থাৰ সদস্যসকলে ৷

ধুবুৰী আৰু হাইলাকান্দিত প্ৰতিবাদ

আনহাতে, হাইলাকান্দিত ক’লা পতাকাৰে আদৰণি জনোৱা হয় অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰক । মঙ্গলবাৰে ৰাতি শিলচৰৰ পৰা হাইলাকান্দিত এক ব্যক্তিগত অনুষ্ঠানত যোগ দিবলৈ উপস্থিত যোৱাৰ সময়তে লস্কৰক বিভিন্ন দল-সংগঠনে ক'লা পতাকা প্ৰদৰ্শন কৰে । তেওঁৰ যাত্ৰাপথত বাটে বাটে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাইলাকান্দি পুৰাতন হাস্পতাল ৰোড, আলগাপুৰ তিনিআলী আৰু আলগাপুৰ বজাৰ আদিত উপাধ্যক্ষগৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰি চৰকাৰ বিৰোধী শ্লোগান দি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় ।

ধুবুৰীত পুত্তলিকা দাহ

আৰু পঢ়ক : ৰাজ্যসভাতো বিজেপিয়ে কেব গৃহীত কৰিব : জগদম্বিকা পাল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details