অসম

assam

By

Published : Feb 4, 2023, 8:37 PM IST

ETV Bharat / state

Crackdown Against Child Marriage: তামাৰহাট থানাত প্ৰতিবাদী মহিলাৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ

বাল্যবিবাহৰ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰাক লৈ ধুবুৰীৰ তামাৰহাট থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ একাংশ ক্ষুব্ধ মহিলাই আৰক্ষীৰ বাধা নেওচি প্ৰৱেশ কৰে থানা চৌহদত((Protest at Tamarhat police station) ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদী মহিলাৰ ওপৰত লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ ৷

Crackdown Against Child Marriage
তামাৰহাট থানাত প্ৰতিবাদী মহিলাৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ

তামাৰহাট থানাত প্ৰতিবাদী মহিলাৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ

ধুবুৰী, 4 ফেব্ৰুৱাৰী: চমক সৃষ্টিৰে ৰাজ্যজুৰি আৰম্ভ কৰা বাল্যবিবাহৰ বিৰোধী অভিযান এতিয়া হিতে বিপৰীতহে হোৱা দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ বিভিন্ন থানাৰ সন্মুখত গ্ৰেপ্তাৰ কৰা স্বামীক মুক্তিৰ দাবীৰে ভিৰ কৰিছেহি অসংখ্য মহিলাই ৷ ইফালে, ধুবুৰীৰ তামাৰহাট থানাত ইয়াকে লৈ উদ্ভৱ হ’ল অপ্ৰীতিকৰ পৰিস্থিতিৰ(Child marriage operation in Assam) ৷

অভিযুক্তক মোকোলাই দিয়াৰ দাবীত উত্তপ্ত হৈ পৰিল তামাৰহাট আৰক্ষী থানাৰ চৌহদ(Protest at Tamarhat police station) । একাংশ প্ৰতিবাদী মহিলাই থানা চৌহদত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি ৷ শুকুৰবাৰে 9গৰাকী অভিযুক্তক ধুবুৰী আদালতত হাজিৰ কৰিবলৈ আৰক্ষীয়ে যো-জা চলোৱাৰ সময়তে আৰক্ষী আৰু মহিলাৰ মাজত সৃষ্টি হ’ল সংঘাত ৷ আৰক্ষীৰ বাধাৰ স্বত্বেও ক্ষুব্ধ মহিলাই প্ৰৱেশ কৰিলে থানা চৌহদত ৷

প্ৰতিবাদী মহিলাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে প্ৰয়োগ কৰে কন্দুৱা গেছ ৷ কিন্তু তাৰ পাচতো নিয়ন্ত্ৰণ নহ’ল পৰিস্থিতি ৷ ক্ৰমশঃ জটিল হৈ পৰিল সমগ্ৰ পৰিস্থিতি(Operation against child marriage) ৷ আমাৰ স্বামীক মুকলি কৰি দিয়ক অন্যথা আমাক গুলীয়াই মাৰক বুলি তীব্ৰ প্ৰতিবাদ ক্ষুব্ধ মহিলাৰ ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তামাৰহাট থানাত উপস্থিত হয় ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া ৷ বুজনিৰ পাচতো থানা চৌহদতে অৱস্থান কৰা মহিলাক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ আৰক্ষীৰ ৷ সেই চেগত 9 অভিযুক্তক ধুবুৰী জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

মুঠৰ ওপৰত এতিয়া ৰাজ্যজুৰি ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি ৷ ইফালে, ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপ্তি মালীয়ে সংবাদমাধ্যমৰ আগত কয় যে, সম্পূৰ্ণ তথ্য চালি-জাৰি চায়হে আৰক্ষীয়ে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ আইনী প্ৰক্ৰিয়াত বাধা দিবলৈ চেষ্টা কৰিলে সেয়া কেতিয়াও মানি লোৱা নহ’ব(Crackdown against child marriage) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা চলোৱা অভিযানত ধুবুৰী আৰক্ষীয়ে মুঠ 155গৰাকী লোকক গ্ৰপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ অনাগত দিনতো এই অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰি ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ পৰা সহযোগিতা বিচাৰি বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰিছিল ধুবুৰী জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে(Assam anti child marriage operation) ৷

আনহাতে, গ্ৰেপ্তাৰ হোৱা স্বামীৰ পত্নী আৰু সন্তানৰ দায়িত্ব গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে চৰকাৰে ৷ কিন্তু চৰকাৰে আৰম্ভ কৰা এই প্ৰক্ৰিয়াক সমালোচনা কৰিছে বিৰোধীয়ে ৷ ৰাজনৈতিক মুনাফা আৰু চমক সৃষ্টিৰ বাবেহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কাম কৰিছে বুলি অভিযোগ বিভিন্ন বিৰোধী দলৰ নেতাৰ ৷

লগতে পঢ়ক:Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ

ABOUT THE AUTHOR

...view details