ধুবুৰী,1 এপ্ৰিলঃনতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অসমৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত সমগ্ৰ অসমত সৃষ্টি হৈছে চাঞ্চল্য । একে সময়তে ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 80 জন লোকে অংশগ্ৰহণ কৰিছিল দিল্লীৰ উক্ত ধৰ্মীয় সভাত । মঙলবাৰে অসমৰ একাংশ বৈদ্যুতিক সংবাদ মাধ্যমে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা এদল লোকে ধুবুৰীৰ পাণবাৰী নবাবী মছজিদত কেইদিনমান আছিল বুলি বাতৰি প্ৰকাশ কৰিছিল ৷ ইয়াক লৈ ধুবুৰী জিলাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বিষয় সন্দৰ্ভত বুধবাৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে নিজ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি প্ৰকাশিত বাতৰিটো ভিত্তিহীন বুলি দাবী কৰে । সম্প্ৰতি লোক কেইজন দিল্লীত আছে বুলি দাবী কৰাৰ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনৰ পৰা যি লোক দিল্লীত গৈছিল তাৰ ভিতৰৰ কোনো লোক ধুবুৰীৰ মছজিদলৈ অহা নাই বুলি স্পষ্ট কৰে ৷ লগতে দিল্লীৰ পৰা ঘূৰি অহা দুজন লোকক ধুবুৰী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কোঠাত ৰাখি পৰ্যবেক্ষণ কৰা হৈছিল যদিয়ো এজনৰো দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰা নাই ৷