অসম

assam

ETV Bharat / state

বিধানসভা নিৰ্বাচনত 84 টা সমষ্টিত আমি প্ৰাৰ্থীত্ব আগবঢ়ামঃ আম আদমী পাৰ্টি - ৰাজ্যিক পৰ্য্যবেক্ষক

বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে অসমৰ 84 টা সমষ্টিত আগবঢ়াব প্ৰাৰ্থীত্ব ৷ আনুষ্ঠানিকভাবে এই ঘোষণা দলটোৰ ৷ ধুবুৰীত সংবাদমেল আয়োজন কৰি এই ঘোষণা দলটোৰ ৷

Press Meet Organised Aam Admi Party, Reaction On Upcoming Election
বিধানসভা নিৰ্বাচনত 84 টা সমষ্টিত আমি প্ৰাৰ্থীত্ব আগবঢ়ামঃ আম আদমী পাৰ্টি

By

Published : Sep 13, 2020, 5:05 PM IST

ধুবুৰী, 13 ছেপ্তেম্বৰ : আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসমৰ 84 খন আসনত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব আম আদমী পাৰ্টিয়ে । সংবাদমেলত এই মন্তব্য প্ৰদান কৰে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক ৰাজেশ শৰ্মাই । ধুবুৰীৰ এখন হোটেলত আম আদমী পাৰ্টীৰ সম্পৰ্ক অভিযান সভা অনুষ্ঠিত কৰি এই মন্তব্য প্ৰদান কৰে ৰাষ্ট্ৰীয় পৰ্যবেক্ষক ৰাজেশ শৰ্মাই ৷

আনহাতে, ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বই অংশগ্ৰহণ কৰা সভাখনত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ প্ৰতিটো সমষ্টিৰ দলীয় সমন্বয়কৰ লগতে শতাধিক কৰ্মী উপস্থিত থাকে । সভাখনত নিৰ্বাচনী তৎপৰতা সম্পৰ্কে আলোচনা কৰাৰ লগতে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশ সামৰি লৈ আলোচনা কৰা হয় ।

ইপিনে, সভাৰ অন্তত অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে আগন্তক নিৰ্বাচনত অসমৰ 84 খন আসনত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে । লগতে,অসমৰ শিক্ষা,স্বাস্থ্য আৰু বান-গৰাখহনীয়াৰ লগতে নিবনুৱা সমস্যাক প্ৰধান সমস্যা হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি সংবাদমেলত উল্লেখ কৰে ৰাজেশ শৰ্মাই । সংবাদমেলত শাসকীয় দল বিজেপিৰ লগতে অগপ,কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা কৰে আপৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে । অসমত আপৰ চৰকাৰ হলে অসম চুক্তি ৰূপায়ণ কৰাৰ লগতে শিক্ষা,স্বাস্থ্যখণ্ডৰ উন্নতি কৰাৰ লগতে বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু নিবনুৱা সমস্যা সমাধান হ'ব বুলি সংবাদমেলত উল্লেখ কৰে আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই ।

বিধানসভা নিৰ্বাচনত 84 টা সমষ্টিত আমি প্ৰাৰ্থীত্ব আগবঢ়ামঃ আম আদমী পাৰ্টি

উল্লেখযোগ্য যে, আজিৰ সভাত ৰাষ্ট্ৰীয় নেতাগৰাকীৰ লগতে ৰাজ্যিক সমন্বয়ক ডo ভবেন চক্ৰৱৰ্তী,ৰাজ্যিক পৰ্য্যবেক্ষক আব্দুল মান্নান চৌধুৰী আৰু ৰাজ্যিক সামাজিক মাধ্যম সমন্বয়ক লক্ষ্মীকান্ত ডুবেৰ লগতে জিলা নেতৃত্ববৃন্দ উপস্থিত থাকে ।

লগতে পঢ়ক :3 জনগোষ্ঠীক স্বায়ত্ব শাষিত পৰিষদ ঘোষণাক আদৰণি মটক ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details