অসম

assam

By

Published : Feb 26, 2021, 5:13 PM IST

ETV Bharat / state

শনিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ যোগদান আৰু জনজাগৰন সভা

শনিবাৰেপুৱা ১১ বজাত জিলাখনৰ চাপৰৰ গান্ধী ময়দানত আৰু দিনৰ ১ বজাত বিলাসীপাৰাৰ ৰাজহুৱা খেলপথাৰত অসম জাতীয় পৰিষদৰ যোগদান আৰু জনজাগৰন সভা অনুষ্ঠিত কৰা হ'ব ।

শনিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ যোগদান আৰু জনজাগৰন সভা
শনিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ যোগদান আৰু জনজাগৰন সভা

পশ্চিম বিলাসীপাৰা, ২৬ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ইতিমধ্যে ব্যাপকভাৱে প্ৰচাৰ অভিযান চলোৱাত ব্যস্ত পৰিছে ৰাজনৈতিক দলসমূহ । ঠায়ে ঠায়ে বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদকে ধৰি আন দলসমূহৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা দেখা গৈছে । সমান্তৰালকৈ নৱগঠিত দলসমূহৰ ওপৰত ভৰসা কৰিও বহু লোকে সদস্যতা গ্ৰহণ কৰিছে । শনিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত নৱগঠিত দল অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ যোগদান আৰু জনজাগৰন সভা অনুষ্ঠিত কৰা হ'ব । উল্লেখ্য যে, সমগ্ৰ অসমতে অজাপৰ যোগদান আৰু জনজাগৰণ সভা অনুষ্ঠিত হৈ আহিছে ।

শনিবাৰেপুৱা ১১ বজাত জিলাখনৰ চাপৰৰ গান্ধী ময়দানত আৰু দিনৰ ১ বজাত বিলাসীপাৰাৰ ৰাজহুৱা খেলপথাৰত এই যোগদান আৰু জনজাগৰণ সভা অনুষ্ঠিত কৰা হ'ব । এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পৱিন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে নেতাবৃন্দ । প্ৰতিজন অসমীয়াক জাতীয়তাবাদৰ চেতনা জগাই তোলাই মূল উদ্দেশ্যে এই সমাৰোহৰ । বিলাসীপাৰাৰ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডা:কানুলাল দাসে সংবাদ মেলযোগে লুৰিণজ্যোতি গগৈ আগমণৰ কথা জানিবলৈ দি উল্লেখ কৰে এই কথা ।

লগতে পঢ়ক:কোকৰাঝাৰত নিযুক্তিৰ পৰা বঞ্চিত শিক্ষকৰ ধৰ্ণা

ABOUT THE AUTHOR

...view details