ধুবুৰী, ২১ জানুৱাৰী: ধুবুৰীৰ মাঝেৰচৰ চলাকুৰা পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে । ধুবুৰীৰ আব্দুল মান্নান নামৰ এজন লোকে মাঝেৰচৰ চলাকুৰা পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৮-১৯ বৰ্ষলৈকে চতুৰ্থ বিত্তীয় বৰ্ষৰ সাহায্য পুঁজিৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত চৰকাৰে মুঠ ৯৯ লাখ ৫৪ হাজাৰ ৫৬৮ টকা আবণ্টন দিছিল ।
মাঝেৰচৰ চলাকুৰা পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কিন্তু আব্দুল মান্নানৰ অভিযোগ অনুসৰি, পঞ্চায়তত পথ নিৰ্মাণ, বক্স কালভাৰ্ট, জিৰণি চ'ৰা, সমূহীয়া ভৱন নিৰ্মাণ আদি বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত একপ্ৰকাৰ লুণ্ঠনৰাজ চলিছে । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, আঁচনি ৰূপায়ণ নকৰাকৈ কেৱল চৰকাৰী নথি-পত্ৰত কাম সম্পূৰ্ণ কৰা দেখুৱাই পঞ্চায়ত সভাপতি, সচিব আৰু নিৰ্মাণ কমিটীৰ অধ্যক্ষই বিভাগীয় বিষয়া অভিযন্তাক লগত লৈ লাখ লাখ টকা আত্মসাৎ কৰিছে ।
মাঝেৰচৰ চলাকুৰা পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ইতিমধ্যে আব্দুল মান্নান নামৰ লোকজনে জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখালৈ এখন অভিযোগপত্ৰ প্ৰেৰণ কৰিছে ।আনহাতে, মাঝেৰচৰ চলাকুৰা পঞ্চায়তৰ সভাপতি, সচিব আৰু নিৰ্মাণ কমিটীৰ অধ্যক্ষ বিৰুদ্ধে মান্নানে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ইতিমধ্যে উক্ত এজাহাৰৰ ভিত্তিত ১৯৪৭/২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰাৰ লগতে দুৰ্নীতি নিবাৰক শাখাক দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আন এক গোচৰ পঞ্জীয়ন কৰিছে । কিন্তু এতিয়া তদন্তৰ নামত ধুবুৰী আৰক্ষীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উত্থাপন কৰে মান্নানে ।
মাঝেৰচৰ চলাকুৰা পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ লগতে আব্দুল মান্নানে অভিযোগ তুলিছে যে, আৰক্ষী বিষয়া জাকিৰৰ সৈতে বুজাবুজি কৰি বন্ধ হৈ থকা কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আহিছে । উচিত তদন্তৰ জৰিয়তে দুৰ্নীতিগ্ৰস্ত লোকসকলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী কৰিছে আব্দুল মান্নানে । আৰক্ষীয়ে এই ক্ষেত্ৰত ৰহস্যজনক ভূমিকা পালন কৰাৰ পিছত এতিয়া জিলা আৰক্ষী অধীক্ষকে কি ভূমিকা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক:গৌৰীসাগৰত অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী