অসম

assam

আজিৰে পৰা আৰম্ভ হৈছে ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া

By

Published : Nov 1, 2021, 5:39 PM IST

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰো ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে ৷ ইয়াৰ জৰিয়তে ৰাইজে ফটোযুক্ত ভোটাৰ তালিকাত কিবা সংশোধন বিচাৰিলে বা নিজৰ নাম অন্তৰ্ভুক্ত কৰিব খুজিলে নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে আবেদন কৰিব পাৰিব ৷

press conference of dhubri dc
আজিৰে পৰা আৰম্ভ হৈছে ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া

ধুবুৰী, 1 নৱেম্বৰ :ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সকলো বিধানসভা সমষ্টিৰ লগতে ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰো ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে ৷ ইয়াৰ জৰিয়তে ৰাইজে ফটোযুক্ত ভোটাৰ তালিকাত কিবা সংশোধন বিচাৰিলে বা নিজৰ নাম অন্তৰ্ভুক্ত কৰিব খুজিলে নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে আবেদন কৰিব পাৰিব ৷

আজিৰে পৰা আৰম্ভ হৈছে ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া

ধুবুৰী জিলা উপায়ুক্ত তথা ধুবুৰী জিলা নিৰ্বাচন বিষয়া অন্বামুথন এম পিয়ে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত সদৰি কৰে যে ইতিমধ্যে সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে ৷ অহা ৩০ নৱেম্বৰৰ ভিতৰত ৰাইজৰ দাবী আৰু আপত্তিবোৰ গ্ৰহণ কৰা হ'ব ৷ ২০ ডিচেম্বৰৰ ভিতৰত দাবী আৰু আপত্তিবোৰ মীমাংসা কৰা হ'ব ৷

চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব আগন্তুক বছৰৰ ৫ জানুৱাৰীত ৷ সোমবাৰে প্ৰকাশ পোৱা সংহত খচৰা ভোটাৰ তালিকাখন সকলো ভোটগ্ৰহণ কেন্দ্ৰ, জিলা উপায়ুক্তৰ কাৰ্যালয়, নিৰ্বাচন বিষয়াৰ কাৰ্যালয়, ভোটাৰ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়, ধুবুৰী আৰক্ষী আধীক্ষকৰ কাৰ্যালয় আৰু সকলো পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ কাৰ্যালয়ত পোৱা যাব ৷

লগতে পঢ়ক:লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনৰ বাবে ধুবুৰী নিৰ্বাচন জিলাৰ প্ৰতিটো সমষ্টিৰ বাবে একোজনকৈ ভোটাৰ পঞ্জীয়ন বিষয়া নিয়োগ কৰা হৈছে ৷ ২৩ নং ধুবুৰী সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়া অভিজিত গগৈৰ অধীনত ২২ জন সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ২২ জন বি এল অ' নিৰীক্ষক আৰু ২৪২ জন বি এল অ'ই ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম কৰিব ৷ ২৪ নং গৌৰীপুৰ সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়া মাছি তপ্ন'ৰ অধীনত ২৫ জন সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ২৫ জন বি এল অ' নিৰীক্ষক আৰু ২৫৪ জন বি এল অ'ই ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম কৰিব ৷

আনহাতে ২৫ নং গোলকগঞ্জ সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়া অপ্ৰতীম গোস্বামীৰ অধীনত ২৩ জন সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ২৩ জন বি এল অ' নিৰীক্ষক আৰু ২৩৬ জন বি এল অ'ই ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম কৰিব ৷ নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীকে ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে ৷

অৰ্হতাসম্পন্ন কোনো লোকৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা বাদ নপৰে তাৰ বাবে সকলো পঞ্জীয়নভুক্ত ৰাজনৈতিক দলকে প্ৰতিটো ভোটকেন্দ্ৰৰ বিপৰীতে একোজনকৈ বুথ পৰ্যায়ৰ এজেন্ট নিয়োজিত কৰিবলৈ কোৱা হৈছে ৷ তেওঁলোকে প্ৰশাসনক সহায কৰিব আৰু ৰাইজক সজাগ কৰিব ৷ দাবী আৰু আপত্তিৰ বাবে ৰাইজে নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব পাৰিব ৷

লগতে পঢ়ক:অসমত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ৬ নং প্ৰ-পত্ৰ, বিদেশত থকা ভাৰতীয়ৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ৬(ক) নং প্ৰ-পত্ৰ, ভোটাৰ তালিকাৰ পৰা নাম আতৰোৱাৰ বাবে ৭ নং প্ৰ-পত্ৰ, নাম বা বয়স বা লিংগ আদি শুধৰণিৰ বাবে ৮ নং প্ৰ-পত্ৰ, একেটা সমষ্টিৰ এটা ভোটকেন্দ্ৰৰ পৰা আন এটা ভোটকেন্দ্ৰলৈ নাম স্থানান্তৰ কৰাৰ বাবে ৮(ক) নং প্ৰ-পত্ৰ ব্যৱহাৰ কৰিব পাৰিব ৷ প্ৰ-পত্ৰবোৰ নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা বা সংশ্লিষ্ট ভোটকেন্দ্ৰৰ দায়িত্বত থকা বি এল অ'ৰ পৰা আৰু ভাৰতৰ নিৰ্বাচন আয়োগ বা অসমৰ নিৰ্বাচন বিভাগৰ ৱেবচাইটৰ পৰাও ডাউনলোড কৰি লব পাৰিব৷ প্ৰ-পত্ৰবোৰ অফলাইন বা অনলাইন দুয়োটা মাধ্যমতে জমা দিব পাৰিব ৷

অনলাইনযোগে nvsp.in শীৰ্ষক পৰ্টেলত প্ৰ-পত্ৰ জমা দিব পাৰিব৷ দাবী আৰু আপত্তিবোৰ ভোটাৰ পঞ্জীয়ন বিষয়া বা সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়াই শুনানীৰ জৰিয়তে নিষ্পত্তি কৰিব৷ ৰাইজৰ সহায়ৰ বাবে মুকলি কৰা হেল্পনাইন নম্বৰ ০৩৬৬২-২৩০৩৯৬ ত ফোন কৰি যিকোনো লোকে বিষয়টো সন্দৰ্ভত থকা মনৰ খোকোজা দূৰ কৰিব পাৰিব ৷ সংবাদমেলত অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী আৰু তিনিওজন ভোটাৰ পঞ্জীয়ন বিষয়া উপস্থিত থাকে ৷

সংবাদমেলৰ পূৰ্বে জিলা নিৰ্বাচন বিষয়া অন্বামুথন এম পিৰ অধ্যক্ষতাত পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, জিলা নিৰ্বাচন বিষয়াই ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰে আৰু সকলোৰে পৰা সহযোগিতা বিচাৰে যাতে যোগ্য সকলো লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হয় ৷

লগতে পঢ়ক:বিৰক্ত জনতা : উপ নিৰ্বাচনে দি গ’ল কিহৰ ইংগিত

ABOUT THE AUTHOR

...view details