অসম

assam

By

Published : Apr 23, 2019, 4:36 PM IST

ETV Bharat / state

ধুবুৰীত প্ৰিজাইডিং বিষয়াক আটক

ধুবুৰীৰ গৌৰীপুৰৰ বাণীবিদ্যা মন্দিৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন । ভোটাৰ পৰিচয় পত্ৰৰ লগতে শ্লিপ নথকাকৈ ভোটগ্ৰহণৰ অভিযোগ প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে ৷ আটক কৰা হ'ল প্ৰিজাইডিং বিষয়াক ৷

ধুবুৰীৰ ভোটকেন্দ্ৰত অঘটন

ধুবুৰী, 23 এপ্ৰিল : ধুবুৰীৰ গৌৰীপুৰৰ বাণীবিদ্যা মন্দিৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন । ভোটাৰ শ্লিপৰ লগত পৰিচয় পত্ৰৰ নথকাকৈ ভোটগ্ৰহণৰ অভিযোগ প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে । জিলা প্ৰশাসনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে বিষয়াগৰাকীক । বৰ্তমান গৌৰীপুৰ আৰক্ষীৰ জিম্মাত বিষয়াগৰাকী ।

ধুবুৰীৰ ভোটকেন্দ্ৰত অঘটন

বিষয়াগৰাকীক আটক কৰাৰ পাচতে নতুনকৈ আন এগৰাকী বিষয়াক নিয়োগ কৰি কেন্দ্ৰটোত অব্যাহত ৰখা হৈছে ভোটগ্ৰহণ । ঘটনাক লৈ কেন্দ্ৰটোত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয় যদিও বৰ্তমানে শান্ত হৈ পৰিছে পৰিস্থিতি ।

ABOUT THE AUTHOR

...view details