অসম

assam

ETV Bharat / state

75th year of Independence Day: ধুবুৰীত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা - Azadi Ka Amrit Mahotsav

ধুবুৰীত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা(Preparation meeting to celebrate Independence Day) । 'হৰ ঘৰ তিৰংগা' শীৰ্ষক কাৰ্যসূচী সাফল্যমণ্ডিত কৰি ১৩ ৰ পৰা ১৫ আগষ্টলৈ জিলাখনৰ প্ৰতিখন ঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্তৰ নিৰ্দেশনা(Har Ghar Tiranga-Azadi Ka Amrit Mahotsav) ৷

Independence Day preparation
স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

By

Published : Jul 26, 2022, 8:07 AM IST

ধুবুৰী, 26 জুলাই : সমাগত স্বাধীনতা দিৱস ৷ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে সুচাৰুৰূপে এইবাৰৰ স্বাধীনতা দিৱস উদযাপনৰ লক্ষ্যৰে সোমবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত আনবামুথান এম পিৰ অধ্যক্ষতাত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায় (Preparation meeting to celebrate Independence Day) ৷

১৫ আগষ্টৰ পুৱা ৬ বজাত জনসংযোগৰ স্থায়ী অনুভাষ যন্ত্ৰযোগে ধুবুৰী টাউনত দেশপ্ৰেমমূলক গীত পৰিবেশনৰ পৰা আৰম্ভ কৰি ৭ বজাত ব্যক্তিগত আৱাসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৮ বজাত সকলো শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ছহিদ বেদীত স্বাধীনতা সংগ্ৰামত প্ৰাণ বলিদান দিয়া ছহিদসকললৈ পুষ্পাঞ্জলি অৰ্পণ, ৯ বজাত ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব ৷ সন্ধিয়ালৈ সকলো চৰকাৰী কাৰ্যালয় কৰি তোলা হ’ব আলোকিত ৷ স্বাধীনতা দিৱসৰ প্ৰতিটো কাৰ্যসূচী যাতে সকলোৰে সৰ্বাত্মক অংশগ্ৰহণেৰে সূচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তই সকলোকে নিৰ্দেশ দিয়ে ৷ এইবাৰ যিহেতু ক’ভিড সংক্ৰান্তীয় কোনো নিৰ্দেশনা নাই; সেয়ে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত হ'বলগীয়া মাৰ্চ-পাষ্টত শিক্ষাৰ্থীৰ দলকো জড়িত কৰোৱাবলৈ জিলা উপায়ুক্তই দিলে নিৰ্দেশনা ৷

লগতে পূৰ্বৰ দৰে এইবাৰো নিজৰ কৰ্মৰাজীৰে সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা অথবা নিজ নিজ কৰ্মক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা আশা কৰ্মী, নাৰ্ছ, অংগনবাড়ী কৰ্মী-সহায়িকা আদিসকলক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জনোৱা হ'ব সম্বৰ্ধনা ৷ ৰাজ্যত শেহতীয়াকৈ হৈ যোৱা বানৰ সময়চোৱাত অক্লান্ত পৰিশ্ৰমেৰে বানাক্ৰান্ত ৰাইজৰ জীৱন ৰক্ষাৰ হেতু নিৰন্তৰ সেৱা আগবঢ়োৱা জিলাখনত কৰ্মৰত এছ ডি আৰ এফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলকো স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ৷

আনহাতে দেশে স্বাধীনতা অৰ্জনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ 'হৰ ঘৰ তিৰংগা' শীৰ্ষক কাৰ্যসূচী সাফল্যমণ্ডিত কৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ জিলাখনৰ প্ৰতিখন ঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে(Har Ghar Tiranga-Azadi Ka Amrit Mahotsav) ৷ সভাখনত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী প্ৰমুখ্য জিলা প্ৰশাসনৰ কেবাগৰাকীও শীৰ্ষ বিষয়া, উপ-আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অংকুমণি শইকীয়া, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ সভাপতিও উপস্থিত থাকে ৷

লগতে পঢ়ক : স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কেনে আছিল জনজাতীয় লোকসকলৰ অস্ত্ৰ?

ABOUT THE AUTHOR

...view details