অসম

assam

ETV Bharat / state

পূৱ বিলাসীপাৰাত অখিল গগৈৰ আৰোগ্যতাৰ বাবে বন্তি প্ৰজলন - পূৱ বিলাসীপাৰা

বিলাসীপাৰাৰ চাপৰৰ চিৰাকুটা বজাৰত আয়োজিত হয় বন্তি প্ৰজ্বলন অনুষ্ঠান ৷ ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু চিৰাকুটা আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অনুষ্ঠানটোৰ আয়োজন কৰা হয় ৷

পূৱ বিলাসীপাৰাত অখিল গগৈৰ আশু আৰোগ্যৰ বাবে বন্তি প্ৰজলনৰ কাৰ্যসূচী
পূৱ বিলাসীপাৰাত অখিল গগৈৰ আশু আৰোগ্যৰ বাবে বন্তি প্ৰজলনৰ কাৰ্যসূচী

By

Published : Mar 6, 2020, 1:29 PM IST

পূৱ বিলাসীপাৰা, 6 মাৰ্চঃ কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত, কৃষক নেতাজনৰ আশু-আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আয়োজন কৰে বিলাসীপাৰাৰ চাপৰৰ চিৰাকুটা বজাৰত ৷ বৃহস্পতিবাৰে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু চিৰাকুটা আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অনুষ্ঠানটোৰ আয়োজন কৰা হয় ৷

অখিল গগৈৰ আৰোগ্য কামনাৰে জ্বলি ৰোৱা বন্তি...
অখিল গগৈৰ আৰোগ্যতা কামনাৰে বন্তি প্ৰজলন

বন্তি প্ৰজ্বলন অনুষ্ঠানটোত অংশগ্ৰহণ কৰা সংগঠনটোৰ নেতা এজনে কয় অখিল গগৈৰ ভূতে চৰকাৰক খেদিছে ৷ সেয়ে অখিল গগৈক ভয় কৰি কাৰাৰুদ্ধ কৰি থৈছে আৰু এতিয়া আৰএচএচ আৰু বিজেপিয়ে হত্যাৰ ষড়যন্ত্ৰ কৰিছে ৷ লগতে সংগঠন দুটাই অখিল গগৈক শীঘ্ৰেই মুক্তি দিয়াৰো দাবী তুলিছে ৷

লগতে পঢ়কঃৰোগত আক্ৰান্ত ঐতিহ্য মণ্ডিত নাগশংকৰ দেৱালয়ৰ দুষ্প্ৰাপ্য কাছসমূহ

ABOUT THE AUTHOR

...view details