অসম

assam

ETV Bharat / state

দেওবাৰে বাসগৃহ পোৱাৰ সম্ভাৱনা হৰধন ৰায়ৰ নশ্বৰদেহ - 59 ফিল্ড আৰ্টিলাৰী ৰেজিমেণ্ট

পুনৰ দেশমাতৃৰ হকে প্ৰাণ আহুতি এগৰাকী অসম সন্তানৰ ৷ জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হয় হৰধন চন্দ্ৰ ৰায় নামৰ জোৱান গৰাকী ৷ মেধীপাৰা গাঁৱৰ বাসিন্দা টংকেশ্বৰ ৰায়ৰ একমাত্ৰ পুত্ৰ হৰধন চন্দ্ৰ ৰায়ে 2001 চনত ভাৰতীয় স্থলসেনাৰ 59 ফিল্ড আৰ্টিলাৰী ৰেজিমেণ্টত যোগদান কৰিছিল ৷ দেৱালীৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাৰ পিছতে শোকস্তব্ধ হৈ পৰে সমগ্ৰ বিলাসীপাৰা ৷

posibility of dead body of hardhan rai will reached on sunday assam etv bharat news
দেশমাতৃৰ হকে প্ৰাণ আহুতি এগৰাকী অসম সন্তানৰ

By

Published : Nov 14, 2020, 7:14 PM IST

পশ্চিম বিলাসীপাৰা,14 নৱেম্বৰ:যুদ্ধ বিৰতি নীতি উলংঘা কৰি শেহতীয়াকৈ ভাৰত-পাকিস্তান সীমান্তত পাক সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত শ্বহীদ হৈছে অসম সন্তান হৰধন ৰায় ৷ শ্বহীদ গৰাকীৰ ঘৰ বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী মেধীপাৰা গাঁৱত ৷ ইতিমধ্যে গাঁৱখনত এই খবৰ বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷

আনহাতে, ধুবুৰী জিলা আৰু মহকুমাৰ প্ৰশাসনে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ হৰধন ৰায়ৰ নশ্বৰদেহ দেওবাৰে পোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে ৰায়ৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ উপৰিও পাকিস্তান মুৰ্দাবাদ, ভাৰতীয় সেনা জিন্দাবাদ ধ্বনি দিয়ে ৷ লগতে পৰিয়ালৰ দুজনকৈ সদস্যক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈ দাবী উত্থাপন কৰে ৰাজ্য চৰকাৰক ৷

শ্বহীদৰ বাসগৃহত উপস্থিত বিলাসীপাৰা প্ৰশাসন

মেধীপাৰা গাঁৱৰ বাসিন্দা টংকেশ্বৰ ৰায়ৰ একমাত্ৰ পুত্ৰ হৰধন চন্দ্ৰ ৰায়ে 2001 চনত ভাৰতীয় স্থলসেনাৰ 59 ফিল্ড আৰ্টিলাৰী ৰেজিমেন্টত যোগদান কৰিছিল ৷ দেৱালীৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাৰ পিছতে শোকস্তব্ধ হৈ পৰে সমগ্ৰ বিলাসীপাৰা ৷ স্থলসেনাৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, অসমলৈ প্ৰেৰণ কৰা হৈছে শ্বহীদগৰাকীৰ নশ্বৰ দেহ ৷ ভাৰতৰ ভিন্ন স্থানত কৰ্তব্য সম্পাদন কৰা সেনা জোৱানগৰাকীক বিগত দুমাহ পূৰ্বে জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত নিয়োজিত কৰা হৈছিল ৷ শুকুৰবাৰে যুদ্ধ বিৰতি উলংঘা কৰি পাক সন্ত্ৰাসবাদীয়ে চলোৱা এই আক্ৰমণত দুজনকৈ সেনা জোৱান নিহত হৈছে ৷

দল-সংগঠনৰ লোকো উপস্থিত শ্বহীদগৰাকীৰ বাসগৃহত

বিগত চাৰি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা হৰধনৰ এটি ডেৰ বছৰীয়া সন্তান আছে ৷ উল্লেখ্য যে, চলিত বৰ্ষত পাকিস্তানে 4,052 বাৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে ৷ ইয়াৰ ভিতৰত মাত্ৰ অক্টোবৰ আৰু নৱেম্বৰতে ক্ৰমে 394 বাৰ আৰু 128 বাৰ যুদ্ধ বিৰতি উলংঘন কৰে চিৰবৈৰী দেশখনে ৷

লগতে চাওকঃসাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিৰুদ্ধে মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details