অসম

assam

ETV Bharat / state

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ এখন পকী দলং - ধুবুৰী

বানৰ প্ৰবল সোঁতত খণ্ড বিখণ্ড হৈছিল দলঙখন দুই বছৰে ব্যাহত ধুবুৰীৰ সীমান্তবাসীৰ যাতায়ত

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ পৰিত্যক্ত দলং

By

Published : Feb 27, 2019, 11:34 AM IST

ধুবুৰী, ২৭ ফেব্ৰুৱাৰীঃএখন পৰিত্যক্ত দলং। দুবছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ দলঙখন। দুবছৰ পূৰ্বে বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়াৰ পাচত এই পৰ্যন্ত ভগ্নপ্ৰায় অৱস্থাত পৰি আছে দলঙখন ।

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ পৰিত্যক্ত দলং

উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগান দি দিছপুৰ দখল কৰা মিত্ৰজোঁটৰ সোণোৱাল চৰকাৰে সদম্ভে সভা সমিতিত সমবিকাশ আৰু পৰিৱৰ্তনৰ কথা কৈ আহিছে যদিও এই শ্লোগানে ঢুকি পোৱা নাই ধুবুৰীৰ ভাৰত বাংলা সীমান্তবাসী অঞ্চলক। ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ দুৰাহাটী আৰু বিন্নাচৰা পঞ্চায়তৰ সীমান্তবাসী ৰাইজৰ বাবে যোগাযোগৰ একমাত্ৰ ভৰষা দলঙখন দুবছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে । সীমান্তৰ প্ৰায় পোন্ধৰখন গাঁৱৰ ৰাইজৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে এই গড়কপ্তানী পথেৰে যাতায়ত কৰে । কিন্তু দুবছৰ পূৰ্বে বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়ে এই দলংখন। তাৰ পিচৰ পৰা যাতায়তৰ নামত সীমান্তবাসীয়ে নৰক যন্ত্ৰণা ভোগ কৰি আহিছে ।

উল্লেখ্য যে, স্বাধীনতাৰ পিচৰে পৰা অৱহেলিত হৈ থকা ধুবুৰীৰ সীমান্ত এলেকা উন্নয়নৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া পৰিলক্ষিত নহল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰেও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । সেয়ে স্থানীয় ৰাইজে শীঘ্ৰেই এইখন গুৰুত্বপূৰ্ণ দলংখন পুনৰ নিৰ্মাণৰ দাবী জনায় ।

ABOUT THE AUTHOR

...view details