পূৱ বিলাসীপাৰা, 29 আগষ্ট :বৰ্তমান সময়ত ক’ভিড মহামাৰীৰ ফলত বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ । ইতিমধ্যে, ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব ধৰিছে ৷ যাৰ বাবে শিক্ষা বিভাগেও শিক্ষানুষ্ঠানসমূহ খুলিবলৈ যো-জা চলাইছে । কিন্তু, এনে সময়তে ৰাজ্যৰ শিক্ষা বিভাগৰ অন্তৰ্গত একাংশ বিদ্যালয়ত আন্ত:গাঁঠনিৰ উন্নয়নৰ নমুনা দেখিলে সকলোৰে চকু কপালত উঠিব ৷
এনে এখন বিদ্যালয় হৈছে শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত শ্ৰী গ্ৰাম পঞ্চম খণ্ড গাঁৱত অৱস্থিত এখন বিদ্যালয় । বিদ্যালয়খনৰ নাম দলবাৰী অনুসূচিত প্ৰাথমিক বিদ্যালয়, চৰকাৰে বিদ্যালয়সমূহ খুলি দিলেই এইখন বিদ্যালয়লৈ পুনৰ আহিব কণ কণ ছাত্ৰ-ছাত্ৰীসকল । কিন্তু অভিভাৱকে বিদ্যালয়খনত নিজৰ ল'ৰা-ছোৱালীক পঠোৱাৰ আগতে এতিয়া দহবাৰ ভাবিব লাগিব ৷ কিয়নো বিদ্যালয়খন বিদ্যালয় নহৈ এতিয়া যেন এখন মৰণফান্দত পৰিণত হৈছে ৷