অসম

assam

ETV Bharat / state

ঐতিহাসিক ধুবুৰী চহৰৰ উন্নয়নৰ এক বাস্তৱ ৰূপ

ঐতিহাসিক ধুবুৰী চহৰ । যিখন জিলা সদৰ চহৰৰ উন্নয়নে গুৰুত্ব লাভ কৰিছিল ব্ৰিটিছ চৰকাৰৰ দিনত । কিন্তু আজি যেন উন্নয়নৰ বিপৰীত দিশত ঐতিহাসিক চহৰখন ।

By

Published : Sep 26, 2020, 4:13 PM IST

POOR CONDITIONAL ROADS AT DHUBURI
ঐতিহাসিক ধুবুৰী চহৰৰ উন্নয়নৰ বাস্তৱ ৰূপ !

ধুবুৰী,26 ছেপ্তেম্বৰঃ ব্ৰিটিছৰ দিনত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব লাভ কৰা ঐতিহাসিক ধুবুৰী চহৰৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়া গুৰুত্ব নাই ধুবুৰী জিলা প্ৰশাসন আৰু চৰকাৰৰ । ঐতিহাসিক চহৰখনৰ উন্নয়নৰ বাস্তৱ ছবি উদঙাই দিছে ধুবুৰী চহৰৰ বাট-পথ সমূহে। উল্লেখযোগ্য যে, গুৰুপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ধুবুৰী সদৰ চহৰ সংযোগী একমাত্ৰ জি টি বি পথচোৱাৰ দুৰাৱস্থাই জলাক’লা খোৱাইছে সাধাৰণ জনতাক ।

ঐতিহাসিক ধুবুৰী চহৰৰ উন্নয়নৰ বাস্তৱ ৰূপ !

আনহাতে পথটো আজি প্ৰায় এক ডেৰ বছৰৰ পৰা জৰাজীৰ্ণ হৈ আছে । পথটোৰ এক বহুলাংশ জহি খহি যোৱাৰ ফলত একমাত্ৰ পথটোৰে চলাচল কৰা যান বাহন সমূহে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছে । প্ৰতিদিনে ৰোগীক অনা নিয়া কৰা এম্বুলেঞ্চ সমূহেও বিধ্বস্ত পথছোৱাৰ বাবে বিভিন্ন সমস্যাত পৰা পৰিলক্ষিত হৈছে ।

ঐতিহাসিক ধুবুৰী চহৰৰ উন্নয়নৰ বাস্তৱ ৰূপ !

ইপিনে পথটোৰে চলাচল কৰা সাধাৰণ ৰাইজেও যমৰ যাতনা ভোগ কৰি আহিছে । মাজে সময়ে পথটো মেৰামতিৰ নামত লক্ষাধিক টকা খৰচ কৰা হৈছে যদিও বাস্তৱত সকলো ফোটোকাৰ ফেনত পৰিণত হৈছে । ফলত যাতায়তৰ নামৰ ৰাইজে ভোগ কৰি আহিছে নৰক যন্ত্ৰণা। সম্প্ৰতি কুম্ভকৰ্ণ নিদ্ৰাত থকা জিলা প্ৰশাসন আৰু চৰকাৰে পথটোক লৈ কেনে ধৰণৰ গুৰুত্ব প্ৰদান কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃসৰ্বানন্দ সোণোৱালক সৰ্বকালৰ ব‍্যৰ্থ মুখ‍্যমন্ত্ৰী আখ্যা অখিল গগৈৰ

ABOUT THE AUTHOR

...view details