অসম

assam

ETV Bharat / state

বিধায়ক অশোক কুমাৰ সিংহীৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ - Poor condition of a village no development at Bilashipara village

দ্বীপৰ নৈৰ ওপৰৰ পাইকানডাৰা ১ম গাঁৱত অৱস্থিত এই মৰনফান্দ সদৃশ দলংখনেৰে প্ৰতিদিনে কাষৰীয়া বহু কেইখন গাঁৱৰ ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হয় ৷

উন্নয়নৰ  ফোপোলা স্বৰূপ
উন্নয়নৰ ফোপোলা স্বৰূপ

By

Published : Feb 3, 2020, 4:03 PM IST

পশ্চিম বিলাসীপাৰা, 3 ফেব্ৰুৱাৰীঃ বিলাসীপাৰা সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ দেখি হতবাক হৈ পৰিব আপুনিও । বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাইকানডাৰা ১ম খণ্ডৰ এখন জৰাজীৰ্ণ দলঙে সুদীৰ্ঘ কালৰ পৰা জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক ৷ বিগত প্ৰায় ২০ বছৰ ধৰি মেৰামতিৰ অভাৱত ক্ৰমাৎ মৰনফান্দৰ ৰূপ ধাৰণ কৰিছে জৰাজীৰ্ণ হৈ পৰা দলংখনে ৷ আনহাতে দলংখনেৰে যাতায়ত কৰাৰ ফলত ইয়াৰ পৰা পৰি ইতিমধ্যে কেবাজনো লোক মৃত্যুমুখত পৰা বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে ।

লগতে পঢ়কঃ শিৱসাগৰৰ মেটেকাঘাটত ট্ৰাকৰ খুন্দত নিহত মহিলা

২০ বছৰৰো অধিক কাল ভগ্ন পকী দলংখনৰ বাবে দুখন পঞ্চায়তৰ অন্তৰ্গত প্ৰায় দহখনৰো অধিক গাঁৱৰ কেইবা হাজাৰ লোকে যাতায়তৰ নামত যমৰ যাতনা ভুগিছে । বিশেষকৈ পঞ্চায়ত দুখনৰ অন্তৰ্গত ধূলাপাৰা, পাইকানডাৰা ১ম খণ্ড, উদমাৰী ৩য় খণ্ড, মংগলেৰডাববী, কেশাৰেডুবী, হাউদাৰটাৰী, চাটাপাৰা, কোটেৰ গাঁৱ লক্ষীগঞ্জ অঞ্চললৈ যাতায়ত কৰা পথচাৰী, ছাত্ৰ- ছাত্ৰী তথা ৰোগীসকলেও দলংখনৰ বাবে গুৰুত্বৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । বাৰিষাৰ সময়ত ভয়ানক ৰূপ লোৱা নদীখনৰ মাজেৰেই গঞাই ইপাৰ সিপাৰ হয় ।

উন্নয়নৰ ফোপোলা স্বৰূপ

আনহাতে, বৰ্তমানৰ পৰিৱৰ্তনশীল চৰকাৰখনে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও গাঁওবাসীয়ে আশা পালি আছিল ৷ কিন্তু ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ । 4 বছৰ উকলি যোৱা পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ ভগ্ন দলংখন মেৰামতিৰ বাবে আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details