পশ্চিম বিলাসীপাৰা,6 জুন:পশ্চিম বিলাসীপাৰা সমষ্টিৰ বগৰীবাৰী আটানীৰ পৰা গুটিপাৰা লৈ যোৱা পথৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে শ শ পথচাৰীক ৷ সমাগত বাৰিষাত এই জৰাজীৰ্ণ বাঁহৰ দলংখনৰ অৱস্থাই শংকিত কৰি তুলিছে কুৰিখন গাঁৱৰ জনসাধাৰণক ৷ চিৰ প্ৰবাহিত টিপকাই নৈৰ ওপৰৰ এই দলংখনেৰে যাতায়াত কৰি আহিছে নিতৌ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে ৷ এই দলংখনে যমৰ যাতনা ভোগাইছে পথচাৰীসকলক ৷
নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদক বহুবাৰ আবেদন-নিবাদন জনাই যদিও কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷ লগতে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে ৷ যাৰ বাবে মৰণত শৰণ দি জৰাজীৰ্ণ বাঁহৰ দলংখনৰ ওপৰেৰে যাতায়াত কৰিবলগীয়া হৈছে গুটিপাৰা, আণ্ডামাৰী, গাদুৰহাট, আদিকে ধৰি কুৰিখন গাঁৱৰ ৰাইজে ৷