ধুবুৰী, 29 জানুৱাৰী : দীৰ্ঘদিন ধৰি অসমত চলি থকা অবৈধ বেহা সমূহৰ ভিতৰত গৰুৰ চোৰাং বেহা অন্যতম ৷ বিশেষকৈ বাংলাদেশৰ সীমান্ত অঞ্চলত ব্যাপক ৰূপত অব্যহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ অসম চৰকাৰে শেহতীয়াকৈ গো-সুৰক্ষা আইন 2021 (Cattle Preservation Act 2021) বলৱৎ কৰিছে যদিও ফলপ্ৰসূ হৈ উঠা নাই এই আইন ৷ কিয়নো ৰাজ্য চৰকাৰে কঠোৰ আইন বলৱৎ কৰাৰ পিছতো ৰাজ্যত চিণ্ডিকেট চক্ৰই গৰুৰ চোৰাং সৰবৰাহ(Cattle smuggling in Assam) অব্যাহত ৰাখিছে ।
শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী আৰক্ষীয়ে চোৰাংকৈ অনা ৭ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তৰ শিলঘাগৰী অঞ্চলৰ পৰা এখন টুলুঙা নাৱত গৰু কেইটা উঠাই বাংলাদেশলৈ নিয়াৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে (Boat seized with cattle in Dhubri) ।