অসম

assam

ETV Bharat / state

ধুবুৰীত আৰক্ষীয়ে উৎখাত কৰিলে কেইবাবিঘা গাঞ্জা খেতি - প্ৰায় দুই বিঘা গাঞ্জা খেতি উৎখাত

গাঞ্জা খেতিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান । ধুবুৰীৰ পোকালাগি গাঁৱৰ ২০ ঘৰ পৰিয়ালত অভিযান চলাই প্ৰায় দুই বিঘা গাঞ্জা খেতি উৎখাত কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষী ।

ধুবুৰীত আৰক্ষীয়ে উৎখাত কৰিলে কেইবা বিঘা গাঞ্জা খেতি
ধুবুৰীত আৰক্ষীয়ে উৎখাত কৰিলে কেইবা বিঘা গাঞ্জা খেতি

By

Published : Jan 6, 2021, 8:39 PM IST

ধুবুৰী,6 জানুৱাৰীঃধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশ মৰ্মে বুধবাৰে হালাকুৰা আৰক্ষী তালাচী চকীৰ আৰক্ষীয়ে পোকালাগি চতুৰ্থ খণ্ডত অভিযান চলাই ৷ গাঁওখনৰ ২০ টাৰো অধিক পৰিয়ালৰ ঘৰৰ চৌহদৰ লগতে খেতি পথাৰত কৰা ২ বিঘাৰো অধিক মাটিত কৰা নিষিদ্ধ গাঞ্জা খেতিৰ অভিযান চলাই উৎখাত কৰে ।

ধুবুৰীত আৰক্ষীয়ে উৎখাত কৰিলে কেইবা বিঘা গাঞ্জা খেতি

উল্লেখযোগ্য যে, পোকালাগি চতুৰ্থ খণ্ড গাঁৱত একাংশ অসামাজিক তথা দুষ্ট প্ৰকৃতিৰ ব্যক্তিৰ প্ৰলোভন আৰু চত্ৰছায়াত গাঁওখনৰ একাংশ লোকে নিজৰ ঘৰৰ চৌহদ আৰু খেতি পথাৰত নিষিদ্ধ গাঞ্জা খেতি কৰে ৷ ইপিনে গাঁওখনত অতি সংগোপনে কৰা গাঞ্জা খেতিৰ বিষয়ে গোপন সূত্ৰৰ আধাৰত তথ্য লাভ কৰে আৰক্ষীয়ে । বুধবাৰে কেইবাঘন্টা জোৰা অভিযান চলাই আৰক্ষীয়ে গাঁওখনৰ ২০ টাৰো অধিক পৰিয়ালৰ ঘৰৰ চৌহদৰ লগতে খেতি পথাৰত লগোৱা ২ বিঘাৰো অধিক গাঞ্জা খেতি উৎখাত কৰিবলৈ সক্ষম হয় । একেদৰে গাঞ্জা খেতিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ধুবুৰীত আৰক্ষীয়ে উৎখাত কৰিলে কেইবা বিঘা গাঞ্জা খেতি

লগতে পঢ়কঃছ'চিয়েল মিডিয়াৰ পৰা ছপা আখৰত প্ৰকাশ পালে "সাগৰিকা বৰুৱা"

ABOUT THE AUTHOR

...view details