ধুবুৰী, 29 মে’:দিন-দুপৰতে সুৰাৰ ৰাগিত মাতাল হ’ল ধুবুৰী অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক হৰেণ পাল (Drunken police person in Dhubri)৷ কৰ্তব্যৰ মাজতে ডিঙিলৈকে সুৰা গিলি ধুবুৰীৰ ৰাজীৱ ভৱনৰ চৌহদতে কৰিল মলত্যাগ ৷ ধুবুৰীৰ পাগলাহাট গাঁও পঞ্চায়তৰ উপ-নিৰ্বাচনত কৰ্তব্য পালনৰ বাবে অগ্নিনিৰ্বাপক বাহিনী নিয়োগ কৰা হৈছে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত ।
অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ নেতৃত্বত আছিল হৰেন পাল নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শকজন । কিন্তু কৰ্তব্য পালনৰ সময়ত মদৰ নিচাত মাতাল হৈ ৰাজীৱ ভৱনৰ(Rajiv Bhawan Dhubri) চৌহদতে কৰিলে মলত্যাগ । এই কাণ্ড ৰাজীৱ ভৱনৰ কৰ্মচাৰীয়ে দেখি চিঞৰি উঠাত নিজৰ বিষ্ঠা হাতত লৈ খাকী পোচাকধাৰীজনে খোজ দিলে ধুবুৰীৰ ৰাজপথত । সেই সমগ্ৰ দৃশ্য বন্দী হ’ল কেমেৰাত ।