অসম

assam

ETV Bharat / state

Anti Child Marriage Operation: ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,190 জনক গ্ৰেপ্তাৰ - Operation against Child Marriage in Golaganj

ধুবুৰীত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ৷ মাজ নিশাৰ পৰা চলা এই অভিযানত গ্ৰেপ্তাৰ অবৈধ স্বামী আৰু অভিভাৱকসহ বহু অভিযুক্ত।

Anti Child Marriage Operation
ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:08 PM IST

ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ধুবুৰী,3 ছেপ্টেম্বৰ :সোমবাৰৰ নিশাৰ পৰাৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহ বিৰোধী অভিযান চলাইছে আৰক্ষীয়ে । নিশা শোৱাপাটীৰ পৰাই যাক যেনেকৈ পাইছে তেনেকৈয়ে আটক কৰি থানা লৈ আনে আৰক্ষীয়ে ৷

ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মশালা, কাছাৰীহাট, তিস্তাপাৰা, দুৰাহাটী, কলেজ নগৰ, এ এম কোঃ ৰোড, মাঝেৰচৰ ফলিমাৰী আদিত অভিযান চলাই ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ নিশাৰ পৰা আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিছে ৷

এক প্ৰকাৰ অবৈধ স্বামী আৰু অভিভাৱকেৰে ভৰি পৰিল ধুবুৰী সদৰ আৰক্ষী থানা । জিলাখনৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমণি, বিলাসীপাৰা, চাপৰ আদিকে ধৰি প্ৰতিখন আৰক্ষী থানাৰ আৰক্ষীয়ে নিশা পৃথকে পৃথকে চলাইছিল অভিযান ।

ধুবুৰী সদৰ আৰক্ষী থানা এলেকাত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় 35 জনকৈ অবৈধ স্বামীসহ অভিভাৱক । একেদৰে গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা 42 জন, আগমণি আৰক্ষী থানা এলেকাৰ পৰা 7 জন, তামাৰহাট থানা অঞ্চলৰ পৰা 12 জনক গ্ৰেপ্তাৰ কৰা হয় ৷

আনহাতে গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰা 42 জন, বিলাসীপাৰা থানা অঞ্চলৰ পৰা 35 জন, সাপটগ্ৰাম থানা অঞ্চলৰ পৰা 11 জন আৰু চাপৰ আৰক্ষী থানা এলেকাৰ পৰা 6 জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

বৰ্তমানলৈকে ধুবুৰী জিলাখনত সৰ্বমুঠ 190 জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে । উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত হোৱা অসম আৰক্ষীৰ প্ৰথম পৰ্যায়ত ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত স্বামী, অভিভাৱক, কাজী, পূৰোহিতসহ 154 জনক আটক কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়ক:Protest against Electricity Sub Division : বিদ্যুৎ উপসংমণ্ডলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details