ধুবুৰী,6 জুন:ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান । ধুবুৰীৰ বিভিন্ন অঞ্চলত দিনে-নিশাই চলিছে ড্ৰাগছ বিৰোধী অভিযান । তেনে সময়ত শুকুৰবাৰে নিশা ধুবুৰীৰ ঝগৰাৰপাৰ মাগুৰমাৰী অঞ্চলত চলিল আৰক্ষীৰ অভিযান । দৰাচলতে মাগুৰমাৰী তৃতীয় খণ্ড গাঁৱত শুকুৰবাৰে দুটা পক্ষৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল । এই ঘটনাৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছিল ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ এটা দল ।
কিন্তু হঠাৎ আৰক্ষীৰ আগমনৰ উমান পাই পলাবলৈ চেষ্টা কৰা মোবাৰক হুছেইন ওৰফে ভুট্টো নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে । তাৰ পিছতেই আৰক্ষীৰ তদন্তই ল’লে অন্য মোৰ । কাৰণ আটকাধীন যুৱকজনৰ পৰা উদ্ধাৰ হ’ল ব্ৰাউন চুগাৰ আৰু নিচাজাতীয় টেবলেট তথা কফ চিৰাপ । মাৰপিটৰ গোচৰৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান । ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী (drugs peddler) মোবাৰক হুছেইন ওৰফে ভুট্টোক ।