অসম

assam

ETV Bharat / state

হঠাৎ ৰোগীৰ ছদ্মবেশত ধুবুৰী মেডিকেল কলেজ হাস্পতালত আৰক্ষী... - Dhubri police operation against brokers

ধুবুৰীৰ বি এন কলেজ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি নাথ আৰু মহিলা আৰক্ষী কনিষ্টবল আনছুৰাই ৰোগীৰ ছদ্মবেশত ধুবুৰী মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় । দীৰ্ঘদিন ধৰি হাস্পতালত চলি অহা দালালৰাজ ধ্বংস কৰাৰ উদ্দেশ্যে ধুবুৰী আৰক্ষীৰ এই অভিযান । অভিযানত ৪ দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (4 Brokers arrested at Dhubri)। বহু ফাৰ্মাচী, লেবৰেটৰী, এক্সৰে চেণ্টাৰ আৰু চিকিৎসক তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা ।

Police
হঠাৎ ৰোগীৰ ছদ্মবেশত ধুবুৰী মেডিকেল কলেজ হাস্পতালত আৰক্ষী

By

Published : Jun 30, 2022, 7:46 PM IST

ধুবুৰী,৩০ জুন :ধুবুৰী মেডিকেল কলেজ হাস্পতালত চলি আছে দালালৰাজ (Dalal Raj at DMCH)। একাংশ চিকিৎসক আৰু ব্যক্তিগত খণ্ডৰ ফাৰ্মাচীৰ নেতৃত্বত চলিছে চিণ্ডিকেট । এই চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে । আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত চাৰি দালালক (Dhubri police arrests 4 brokers at DMCH)।

উল্লেখ্য যে শেহতীয়াকৈ আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দিনক দিনে বৃদ্ধি পোৱা দালালৰাজৰ বিষয়ে এক অভিযোগ লাভ কৰিছিল । একাংশ লেবৰেটৰী আৰু ফাৰ্মাচীৰ উপৰিও একাংশ চিকিৎসকে এই দালালক আশ্ৰয় দিয়াৰ অভিযোগ উঠিছিল । দালালৰ জৰিয়তে একপ্ৰকাৰ লুণ্ঠন চলোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে ৰোগী‌ আৰু ৰোগীৰ আত্মীয়ই । কমিচনৰ ভিত্তিত দালালসকলে ৰোগী আৰু ৰোগীৰ আত্মীয়ক বিপথে পৰিচালিত কৰি আহিছে ।

তেনে অভিযোগৰ ভিত্তিত ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশনাত ধুবুৰী বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰোগীৰ ছদ্মবেশত ধুবুৰী মেডিকেল কলেজত উপস্থিত হয় । তেনে সময়তে মেডিকেল কলেজত সক্ৰিয় হৈ আছিল চাৰি দালাল ক্ৰমে শম্ভু মহাতো, আমিনুৰ ৰহমান, আৰজু সৰকাৰ আৰু ফিৰোজ শেখ । ৰোগীৰ ছদ্মবেশত থকা আৰক্ষীয়ে লগে লগে আটক কৰিবলৈ সক্ষম হয় দালাল কেইজনক (Dhubri police operation against brokers)।

ইফালে এই চক্ৰটোৰ সৈতে একাংশ চিকিৎসক জড়িত থকাৰ তথ্য লাভ কৰিছে ধুবুৰী আৰক্ষীয়ে । আৰক্ষীয়ে উল্লেখ কৰা মতে শীঘ্ৰেই তদন্তৰ আওতালৈ আহিব পাৰে বহু কেইখন ফাৰ্মাচী, লেবৰেটৰী, এক্সৰে চেণ্টাৰ আৰু চিকিৎসক । সম্প্ৰতি অধিক তদন্তৰ বাবে চাৰি দালালক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :বিহালীৰ বৰগাঙত শিশু সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details