বিলাসীপাৰাত হস্তনিৰ্মিত পিষ্টলসহ পাঁচজাই সজীৱ গুলী উদ্ধাৰঃ এজনক আটক - বিলাসীপাৰা
বিলাসীপাৰাৰ চাপৰৰ ফলিমাৰী দ্বিতীয় খণ্ডত সেনা-আৰক্ষীৰ যৌথ অভিযানত অস্ত্ৰসহ আটক আব্দুল আজিস নামৰ এজন যুৱক ৷ যুৱকজনৰ পৰা উদ্ধাৰ হস্তনিৰ্মিত দুটা পিষ্টল আৰু পাঁচজাই সজীৱ গুলী
![বিলাসীপাৰাত হস্তনিৰ্মিত পিষ্টলসহ পাঁচজাই সজীৱ গুলী উদ্ধাৰঃ এজনক আটক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2900425-1086-c7c84a54-a8b9-48a4-aa17-c092f588bfbb.jpg)
বিলাসীপাৰাত অস্ত্ৰসহ আটক এজন
বিলাসীপাৰা,4এপ্ৰিলঃধুবুৰীৰ চাপৰৰ ফলিমাৰী দ্বিতীয় খণ্ডত বুধবাৰে নিশা সেনা-আৰক্ষীয়ে এক যৌথ অভিযান চলাই অস্ত্ৰসহ আটক কৰে এজনক ৷ আৰক্ষীৰ হাতত আটক হোৱা যুৱকজনৰ নাম আব্দুল আজিস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ভাৰতীয় সেনাবাহিনীৰ ২৫নং ৰাজপুট ৰেজিমেন্ট তথা চাপৰ আৰক্ষীৰ এই অভিযানত আটক হোৱা যুৱকজনৰ পৰা দুটা হস্তনিৰ্মিত পিষ্টল আৰু পাঁচজাই সক্ৰিয় গুলী উদ্ধাৰ কৰে ৷
বিলাসীপাৰাত অস্ত্ৰসহ আটক এজন