অসম

assam

By

Published : Sep 12, 2019, 8:57 PM IST

ETV Bharat / state

ধুবুৰীত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰঃ ফাদিল বৃহৎ দুৰ্নীতি

ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়নৰ নামৰ সংঘটিত হৈছিল বৃহৎ দুৰ্নীতি ৷ যিটো সময়ত উপযুক্ত হিতাধিকাৰীয়ে ঘৰ লাভ কৰা নাই তেনে হিতাধিকাৰীলৈ আহিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰ ৷ ইয়াৰ পিচতে গা-লৰিল ধুবুৰী পৌৰসভাৰ লগতে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ ৷ ইটিভি ভাৰতে পূৰ্বেই প্ৰকাশ কৰিছিল এই প্ৰতিবেদন ৷ অৱশেষত ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰি ধুবুৰী পৌৰসভাই উপযুক্ত হিতাধিকাৰীক মাতি আনিলে পৌৰসভা কাৰ্যালয়লৈ ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

ধুবুৰী, 12 চেপ্তেম্বৰঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱত গা লৰিল ধুবুৰী পৌৰসভাৰ ৷ ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰিলে ধুবুৰীৰ ৱাৰ্ড কমিছনাৰ শংকু মজুমদাৰে ৷ কি হৈছিল ধুবুৰীত, কি কাৰণে ইটিভি ভাৰত ধন্য়বাদ জ্ঞাপন কৰিলে এগৰাকী ৱাৰ্ড কমিছনাৰে, চাওঁক আমাৰ এই প্ৰতিবেদন....

বিগত সময়চোৱাত ধুবুৰীত সংঘটিত হৈছিল ব্যাপক দুৰ্নীতি ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ আবন্টনৰ নামত সংঘটিত হোৱা এই দুৰ্নীতিৰ বাতৰি প্ৰকাশ পাইছিল ইটিভি ভাৰতত ৷ কিন্তু শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অহা পত্ৰই হিতাধিকাৰী ৰাইজৰ মাজত লগালে হাহাকাৰ ৷ কিয়নো তেওঁলোকে লাভ কৰা গৃহৰ সৈতে ফটো উঠি এখনকৈ পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশনা পঠাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পত্ৰখন প্ৰেৰণ কৰা হৈছিল ৷ যিসকল হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পত্ৰ আহিছিল তেওঁলোকে লাভ কৰা নাছিল কোনো বাসগৃহ ৷

ধুবুৰীত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰঃ ফাদিল বৃহৎ দুৰ্নীতি

এনে অৱস্থাত ইটিভি ভাৰতৰ সহযোগত জিলা উপায়ুক্তৰ হস্তক্ষেপত বছৰ বছৰ ধৰি গৃহ নোপোৱা হিতাধিকাৰীসকলে আজি বাসগৃহ লাভ কৰাৰ দিশে আগবাঢ়িছে ৷ ইপিনে ঘৰ নোপোৱা কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পত্ৰ লাভ কৰা হিতাধিকাৰীসকলক ধুবুৰী পৌৰসভা কাৰ্যালয়লৈ মাতি আনি ভুল বুজাবুজি আঁতৰোৱাৰ বাবে ধুবুৰী পৌৰসভাৰ তেৰ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰে গ্ৰহণ কৰে সজাগতামুলক ব্যৱস্থা ৷

ধুবুৰীত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰঃ ফাদিল বৃহৎ দুৰ্নীতি

ইপিনে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক এ কে দাসে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে ধুবুৰী প্ৰথম স্থানত আছে বুলি মন্তব্য কৰে ৷ হিতাধিকাৰীলৈ পত্ৰ অহা ঘটনাক লৈ বিপৰীত মন্তব্য কৰে উপ-সঞ্চালকগৰাকীয়ে ৷ দাসৰ মতে ধুবুৰী পৌৰসভাৰ সৈতে হিতাধিকাৰী আৰু বিভাগৰ কোনোধৰণৰ উপযুক্ত সম্পৰ্ক নথকাৰ বাবেই এনে সমস্যাৰ সৃষ্টি হোৱা বুলি কয় উপ-সঞ্চালক এ কে দাসে ৷ আনহাতে বিভাগৰ ফালৰ পৰা ৱাৰ্ডে ৱাৰ্ডে গৈ হিতাধিকাৰীসকলক বুজোৱা হৈছে বুলি উল্লেখ কৰে উপ-সঞ্চালকগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details