ধুবুৰী, 30 এপ্ৰিল :‘‘কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটলৈ মোৰ ভয় হয় । অপ্ৰিয় হ’লেও সত্য যে, তেওঁলোকৰ মহাজোঁট কেতিয়াবা NGO আৰু ক্লাৱৰ মহাজোঁট যেনহে লাগিছে ।’’ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটক সমালোচনা কৰি লুৰীণজ্যোতি গগৈসহ একাংশ ৰাজনৈতিক নেতাক টাউন কমিটিৰ নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনাই দেওবাৰে ধুবুৰীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita in Dhubri) ৷
উল্লেখ্য যে, দেশ তথা ৰাজ্যৰ প্ৰতিটো লোকসভা এলেকাত আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ল প্ৰধানমন্ত্ৰীৰ এশ সংখ্যক মন কী বাত অনুষ্ঠান (100th episode of PM Modi Mann Ki Baat)। সেই হেতুকে ধুবুৰীটো আয়োজন কৰা হয় মন কী বাতৰ এক বিশাল অনুষ্ঠান (PM Modi Mann Ki Baat programme held in Dhubri) ৷ এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই টাৰ্গেট কৰি ল’লে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটক ।
অজিৎ ভূঞা আৰু লুৰীণজ্যোতি গগৈৰ দলক এটা এটা NGO বা ক্লাৱ আখ্যা দি চান্দাজীৱী সংগঠনক ৰাইজে নস্যাৎ কৰিছে বুলিও মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই । আনহাতে, নিৰ্দিষ্ট পৰিয়ালৰ ওচৰত আঁঠু লোৱা, কোনো ধৰণৰ নৈতিকতা নথকা, টায়াৰ জ্বলাই মানুহক মাৰপিট কৰি জাতীয়তাবাদৰ পাঠ শিকাবলৈ যোৱা ভণ্ড ৰাজনীতি আৰু মিত্ৰতা আৰু কোনেও সহ্য নকৰে বুলি মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই (Pabitra Margherita criticized Lurinjyoti Gogoi) ।