অসম

assam

ETV Bharat / state

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপিক : পীযুষ হাজৰিকা - Piyush hazarika appeal to voter to choose right candidate

সোমবাৰে পূৱ বিলাসীপাৰাৰ চাপৰ প্ৰগতি ভৱনত অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থাকি ভোটাৰ ৰাইজলৈ বিশেষ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

piyush-hazarika-appeal-to-voter-to-choose-right-candidate
সাম্প্ৰদায়িক ৰাজনীতি কাৰ ব্যক্তিক ভোট নিদি কাম কৰা ব্যক্তিক ভোট দিয়কঃ পীয়ুষ হাজৰিকা

By

Published : Jan 18, 2021, 5:52 PM IST

Updated : Jan 18, 2021, 6:04 PM IST

পূৱ বিলাসীপাৰা,18 জানুৱাৰী : "বিজেপিৰ কাৰণে কোনো ক্ষতিকাৰক নহয় ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা ৷ ৰাইজৰ দল মানুহ নোহোৱা দল ৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ডাঙৰ ডাঙৰ নেতাৰ সভাত ৰাইজ উপস্থিত হয় মাথো তিনিশৰ পৰা চাৰিশ লোক " ৷ এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ সোমবাৰে পূৱ বিলাসীপাৰাৰ চাপৰ প্ৰগতি ভৱনত অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলৰ মিত্ৰতালৈ শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উল্লেখ্য যে,উক্ত সভাত উপস্থিত থাকি বহুকেইখন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে বহুকেইটা আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে মহিলা সবলীকৰণৰ বাবে আত্মসহায়ক গোট সমূহক 15 হাজাৰ টকাকৈ বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ।

সাম্প্ৰদায়িক ৰাজনীতি কাৰ ব্যক্তিক ভোট নিদি কাম কৰা ব্যক্তিক ভোট দিয়কঃ পীয়ুষ হাজৰিকা

আনহাতে মিঞাৰ ভোট নালাগে বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত অৱস্থান কৰা দেখা গল মন্ত্ৰী পীযুষ হাজৰিকাক ৷ হাজৰিকাৰ মতে ভাৰতৰ সংস্কৃতিক ভালপোৱা আৰু অসমক ভাল পোৱা হিন্দু-মুছলমান সকলোৰে প্ৰয়োজন আছে বিজেপি দলক । লগতে সাম্প্ৰদায়িক মন্তব্য দি হিন্দু, মুছলমানক ভাগ ভাগ কৰা ব্যক্তিক ভোট নিদি কাম কৰা ব্যক্তিক ভোট দিয়ক বুলি ৰাইজলৈ আহ্বান জনাই মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উক্ত সভাত উপস্থিত থাকে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংঘী ৷ উক্ত সভাত বিজেপি বিধায়ক অশোক কুমাৰ সিংঘীৰ ৰিপৰ্ট কাৰ্ড প্ৰদান কৰি,পৰোক্ষভাৱে বিধায়ক গৰাকীৰ সপক্ষে ভোট দিবলৈ আহ্বান কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়কঃ2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে

Last Updated : Jan 18, 2021, 6:04 PM IST

ABOUT THE AUTHOR

...view details