অসম

assam

ETV Bharat / state

Water mixed with petrol: পেট্ৰ’ল পাম্পত পেট্ৰ’লৰ বিপৰীতে ওলাল বাল্টিয়ে বাল্টিয়ে পানী

পেট্ৰ’ল পাম্পত ৰাইজক ৰামঠগন ৷ পেট্ৰ’ল পাম্পত তেলৰ বিপৰীতে ওলাইছে বাল্টিয়ে বাল্টিয়ে পানী (Petrol pumps dispense water instead of fuel)

Petrol Pump Scam at Bilasipara
পেট্ৰ’ল পাম্পত পেট্ৰ’লৰ বিপৰীতে ওলাল বাল্টিয়ে বাল্টিয়ে পানী

By

Published : Jul 29, 2022, 12:13 PM IST

বিলাসীপাৰা, 29 জুলাই:বিলাসীপাৰাত আজৱ ঘটনা ৷ পেট্ৰ’ল পাম্পত ৰাইজক ৰামঠগন ৷ তেলৰ বিপৰীতে ওলাইছে বাল্টিয়ে বাল্টিয়ে পানী (Petrol pumps dispense water instead of fuel) ৷

বিলাসীপাৰাৰ সোনামুখী হিন্দুস্তান পেট্ৰোলিয়ামত দীৰ্ঘদিনৰ পৰা পেট্ৰ’লৰ নামত পানী মিহলি কৰি গ্ৰাহকক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Water mixed with petrol) ৷

বৃহস্পতিবাৰে নিশা এজন স্থানীয় লোকে তেওঁৰ AS 17C 0305 নম্বৰৰ মালবাহী গাড়ীখনত প্ৰায় 3600 টকাৰ তেল ভৰাই কিছু দূৰ যোৱাৰ পিছতেই গাড়ী বন্ধ হৈ যায় ৷ পিছত ব্যক্তিজনে গাড়ীখনৰ বিজুটি হোৱাৰ সন্দেহ কৰি গেৰেজৰ কৰ্মচাৰীক মাতে ৷ অৱশেষত বহু চেষ্টাৰ অন্তত গাড়ীখনৰ টেঙ্কিত তেলৰ পৰিৱৰ্তে পানী থকাৰ কথা গম পায় কৰ্মচাৰীজনে ৷

পেট্ৰ’ল পাম্পত পেট্ৰ’লৰ বিপৰীতে ওলাল বাল্টিয়ে বাল্টিয়ে পানী

তাৰ পিছতেই পেট্ৰ’ল পাম্পটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত ৰাইজে সোনামুখী হিন্দুস্তান পেট্ৰোলিয়াম নামৰ পেট্ৰ’ল পাম্পটোৰ টেংকিৰ পৰা পেট্ৰ’লৰ পৰিৱৰ্তে বাল্টিয়ে বাল্টিয়ে উলিয়ালে পানী (Buckets of water instead of petrol) ৷

আনহাতে স্থানীয় লোকে কোৱা অনুসৰি কেৱল এইবাৰেই নহয়, পূৰ্বতেও এই পেট্ৰ’ল পাম্পটোত এনেদৰে পেট্ৰ’লৰ সলনি পানী উলোৱা ঘটনা সংঘটিত হৈছিল ৷ পেট্ৰ’ল পাম্পটোৰ এনে কৰ্মকাণ্ডক লৈ এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে পেট্ৰ’ল পাম্পটো ছীল কৰিবলৈ বিলাসীপাৰা মহকুমা প্ৰশাসন আৰু যোগান বিভাগক দাবী জনাইছে আমছুসহ কেইবাটাও স্থানীয় সংগঠনে ৷

লগতে পঢ়ক:Motorcycle Recovered: বৰপেটাত উদ্ধাৰ নম্বৰ প্লেটবিহীন মটৰ চাইকেল

ABOUT THE AUTHOR

...view details