অসম

assam

ETV Bharat / state

একঁকাল পানীত নামি প্ৰতিবাদ গঞা ৰাইজৰ - অভিনৱ প্ৰতিবাদ

বিলাসীপাৰাত শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি প্ৰতিবাদ কৰিলে গাৱঁৰ ৰাইজে । বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি প্ৰতিবাদ

By

Published : Oct 10, 2019, 3:03 PM IST


বিলাসীপাৰা , ১০ অক্টোবৰঃবিলাসীপাৰাৰ উদমাৰীত গঞা ৰাইজৰ অভিনৱ প্ৰতিবাদ | শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি গঞাবাসীয়ে বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী মূৰ্দাবাদ, অশোক কুমাৰ সিংহী হায় হায়, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,সৰ্বানন্দ সোণোৱাল হায় হায় ধ্বনিৰে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ | বিগত চল্লিছ বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা বিলাসীপাৰা - কোকৰাঝাৰ সংযোগী পথৰ উদমাৰীৰ পৰা শালকোচা লৈ প্ৰায় চৈধ্য কিলোমিটাৰ পথে যমৰ যাতনা ভোগাইছে ৰাইজক । পথছোৱাৰ উদমাৰী ২য় খণ্ড গাঁৱত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙখন যোৱাটো বিধ্বংসী বানত উটি যোৱাৰ ফলত ঠাই ডোখৰত জমা হোৱা গভীৰ পানীৰ মাজেৰে পাৰ হ'ব লগা হৈছে অঞ্চলবাসী ৰাইজ । দলঙৰ অভাৱত অঞ্চলটোৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে আধাতে সামৰিব লগীয়া হৈছে শিক্ষা জীৱন । এই বিষয়ে অঞ্চল বাসী ৰাইজে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও কাণষাৰ নাই জনপ্ৰতিনিধি তথা ৰজাঘৰীয়াৰ | উল্লেখ্য যে, যোৱাটো বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে তেওঁ নিৰ্বাচিত হলে এই পথেৰে সকলো যান-বাহনৰ যাতায়ত সূচল কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অঞ্চলবাসী ৰাইজক । কিন্তু এনে ভুৱা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰনী পাৰ হোৱা বিধায়ক গৰাকীয়ে যাতায়তৰ ব্যৱস্থা দুৰৈৰ কথা নিৰ্বাচনৰ পাছত আজিলৈকে অঞ্চলটোত ভৰি থোৱা নাই বুলি অভিযোগ অঞ্চলবাসীৰ | যাৰ বাবে বুধবাৰে এইদৰে একঁকাল পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰে গঞা ৰাইজে | অতি শীঘ্ৰে পথটোৰ দুৰৱস্থা দূৰ কৰি অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ |

শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details