অসম

assam

By

Published : Jul 15, 2020, 2:10 PM IST

ETV Bharat / state

ক'ভিড-১৯ত আক্ৰান্ত বদৰুদ্দিন আজমলৰ আশু আৰোগ্য কামনাৰে সমূহীয়া দোৱা প্ৰাৰ্থনা

এআইইউডিএফৰ মুৰব্বী প্ৰধান তথা ধুবুৰী সংসদীয় সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ শৰীৰত ধৰা পৰিছে ক'ভিড-১৯ৰ উপস্থিতি । ক'ভিড-১৯ পজিটিভত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে সাংসদ গৰাকী । সাংসদ গৰাকীৰ আশু আৰোগ্য কামনাৰে অসমৰ বিভিন্ন প্ৰান্তত দেখা গ'ল সমূহীয়া দোৱা প্ৰাৰ্থনা ।

people of dhubri prayers for speedy recovery of covid infected badaruddin
ক'ভিড-১৯ত আক্ৰান্ত বদৰুদ্দিন আজমলৰ আশু আৰোগ্য কামনাৰে সমূহীয়া দোৱা প্ৰাৰ্থনা

বিলাসীপাৰা,১৫ জুলাই: ক'ভিড-১৯ ত আক্ৰান্ত হৈছে এআইইউডিএফৰ মুৰব্বী প্ৰধান তথা ধুবুৰী সংসদীয় সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল । বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ থকা এইগৰাকী জন প্ৰতিনিধিৰ আশু আৰোগ্য কামনাৰে অসমৰ বিভিন্ন প্ৰান্তত সমূহীয়া দোৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে । সাংসদ গৰাকীৰ আশু আৰোগ্য কামনাৰে বুধবাৰে বিলাসীপাৰাৰ চিৰাকুটাতো অনুষ্ঠিত হয় এক সমূহীয়া দোৱা প্ৰাৰ্থনা ।

ক'ভিড-১৯ত আক্ৰান্ত বদৰুদ্দিন আজমলৰ আশু আৰোগ্য কামনাৰে সমূহীয়া দোৱা প্ৰাৰ্থনা

বিলাসীপাৰা জিলা জমিয়ত আৰু জিলা এআইইউডিএফৰ উদ্যোগত অনুষ্ঠিত এই প্ৰাৰ্থনা সভাত পবিত্ৰ কোৰাণ পাঠ কৰাৰ অন্তত সাংসদ গৰাকীৰ আশু আৰোগ্য কামনা কৰি শতাধিক লোকে কৰিলে সমূহীয়া দোৱা প্ৰাৰ্থনা ।

ABOUT THE AUTHOR

...view details