ধুবুৰী , 10 মে' : ধুবুৰী জিলাৰ বিলাসীপাৰাত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি | দিনে নিশাই টিপকাই নদীৰ বুকুৰ পৰা শিল বালি তুলি লাখ লাখ টকা ৰাজহ ফাঁকিৰে চলাইছে ৰমৰমীয়া ব্যৱসায় | ইয়াৰ পাচতো নিৰ্বিকাৰ বিয়াগোম চৰকাৰী বন বিভাগ | ব্যৱস্থা গ্ৰহণৰ পৰিবৰ্তে ধুবুৰী আৰু সাপটগ্ৰামস্থিত বন বিষয়াৰ গোপনে ছিণ্ডিকেট চক্ৰৰে মিতিৰালিৰ অভিযোগ ৰাইজৰ | অবৈধ ভাৱে টিপকাই নৈত নাৱেৰে শিল বালি সংগ্ৰহ কৰা ছিণ্ডিকেট চক্ৰটোৱে স্থানীয় নাগৰিকক ভয় ভীতি প্ৰদৰ্শন কৰি শিল বালিৰ কোটি কোটি টকীয়া ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ ৰাইজৰ |
বিলাসীপাৰাৰ সাপটগ্ৰাম বন কাৰ্যালয়টোৰ অধীন ভালুকমাৰী, শৌলমাৰী, সোণাময়ী, ঢেমঢেমা, পাটীমাৰীত অবৈধ শিল বালিৰ মহল চলি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে | অবৈধ মহল বোৰত চৰকাৰী নিৰ্দেশনা অবিহনে দিনে নিশাই অবৈধ শিল বালি খনন কাৰ্য চলি থকাৰ ফলত চৰকাৰে হেৰুৱাব লগীয়া হৈছে লাখ লাখ টকাৰ ৰাজহ | ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰী আৰু সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীৰ ছত্ৰছায়াত এনে কোটি কোটি টকাৰ অবৈধ ব্যৱসায় চলি অহাৰ অভিযোগ ৰাইজৰ | উল্লেখ্য যে যোৱা 2017 বৰ্ষৰ মে' মাহত ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰীয়ে আনছাদ জুহালাও ব্ৰহ্ম নামৰ ব্যক্তি এজনক বালি মহলৰ নিবিদা দিয়ে | সেই মতে মহলদাৰ জনে সাপটগ্ৰাম ঘাগমাৰী আৰু চাংবান্ধা মহলত কেৱল বালি সংগ্ৰহ কৰি বিক্ৰী কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰে | কিন্তু মহলদাৰ ব্ৰহ্মই ধুবুৰী বন প্ৰাধিকাৰী আৰু সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীৰে মিতিৰালি কৰি বালিৰ লগতে চলাই নিছে অবৈধ শিলৰ ব্যৱসায় | মহলদাৰ ব্ৰহ্মই অন্য কেইবাজনো লোকৰ সৈতে মিলি সন্ত্ৰাস সৃষ্টি কৰি মুকলি কৈ অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে |