ধুবুৰী,15 অক্টোবৰ :ধুবুৰীত চলি থকা বন বিভাগৰ চিণ্ডিকেটৰ বিৰুদ্ধে ই টিভি ভাৰতকে একাংশ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে চলি থকা সম্প্ৰচাৰৰ পাচতেই তৎপৰ বনবিভাগ ৷ মঙলবাৰে ধুবুৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্য বন সংৰক্ষক এ এম সিং আৰু নামনি অসমৰ দায়িত্বত থকা বন সংৰক্ষক ডo চলেমান উদ্দিন চৌধুৰী ৷ ধুবুৰীত উপস্থিত হৈ কেইবাটাও শিল -বালিৰ মহল পৰিদৰ্শন কৰাৰ লগতে ধুবুৰী বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত বন বিভাগৰ প্ৰতিজন কৰ্মচাৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় বন সংৰক্ষক এ এম সিং আৰু ডo চলেমান উদ্দিন চৌধুৰী ৷ বৈঠকৰ অন্তত চিণ্ডিকেটৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায় আৰু বন পালক হৰিশ নাথক ৷ ইপিনে,টিপকাই নৈত এখন নতুনকৈ শিল বালিৰ মহল বহুৱাৰ পৰিকল্পনাৰ কথাও সদৰি কৰে এ এম সিঙে ৷
ধুবুৰীত মুখ্য বন সংৰক্ষক এ এম সিঙৰ চাডেন ভিজিট - PCCF
মঙলবাৰে ধুবুৰীত চাডেন ভিজিট দিয়ে ৰাজ্যৰ বন সংৰক্ষক এ এম সিং আৰু নামনি অসমৰ দায়িত্বত থকা বন সংৰক্ষক ডo চলেমান উদ্দিন চৌধুৰী ৷ ধুবুৰীৰ বন বিভাগত চলি ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায় আৰু বন পালক হৰিশ নাথক ৷
![ধুবুৰীত মুখ্য বন সংৰক্ষক এ এম সিঙৰ চাডেন ভিজিট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4759968-thumbnail-3x2-one.jpg)
ডo চলেমান উদ্দিন চৌধুৰী
ধুবুৰীত মুখ্য বন সংৰক্ষক এ এম সিঙৰ চাডেন ভিজিট
উল্লেখ্য যে, ৰাজ্যত চিণ্ডিকেটৰ বিৰুদ্ধে বিভিন্ন সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ ভাৱে সকিয়নী প্ৰদান কৰা দেখা যায় ৷ যদিও একেটা সময়তে ধুবুৰীৰ বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায়ৰ নেতৃত্বত বন ধ্বংসৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এনে পৰিপ্ৰেক্ষিতত বিশ্বজিৎ ৰায়ৰ তদন্ত কিমান নিকা হ'ব সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত ৷ নে তদন্তৰ নামত চলিব কেৱল ভেঁকো-ভাওনা ৷ পৰৱৰ্তী সময়ছোৱাত সেয়াও হ'ব লক্ষণীয় ৷
Last Updated : Oct 16, 2019, 10:05 AM IST