অসম

assam

ETV Bharat / state

এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰু এক কঠিন জীৱন সংগ্ৰাম ! - এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দুখৰ গাথা

দুবেলা-দুমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিছে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীয়ে ৷ বিগত তিনি বছৰে শয্যাগত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ ৷

এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দুখৰ গাথা

By

Published : Nov 11, 2019, 7:03 PM IST

বিলাসীপাৰা,11 নৱেম্বৰঃধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ যমদুৱাৰ দ্বিতীয়খণ্ডৰ নিৱাসী আলী আকবৰ ৷ পত্নী মমিনা খাতুন আৰু কন্যা আলেক জান নেছাক লৈ আকবৰে শ্ৰমিকৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ কিন্তু কালৰ কুটিল গতিত আকবৰৰ জীৱনলৈ নামি আহিল ধুমুহা ৷ তিনিবছৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় আলী আকবৰ ৷ তেওঁৰ লগতে তেওঁৰ পত্নী মমিনা খাতুনো আক্ৰান্ত হয় জটিল ৰোগত ৷ বিগত তিনি বছৰে দুই শয্যাগত পিতৃ-মাতৃক লৈ নিৰুপায় হৈ পৰিছে কন্যা আলেক জান নেছা ৷ পিতৃ-মাতৃৰ চিকিৎসাৰ বাবদ প্ৰয়োজনীয় ধন আনৰ ওচৰত খুজিব লগীয়া হৈছে কন্যাগৰাকীয়ে ৷

চতুৰ্থ শ্ৰেণীৰ আলেক জান নেছাৰ দুখৰ গাথা

লগতে পঢ়কঃজম্মু-কাশ্মীৰত সেনাৰ অভিযান Live দৃশ্য

যদি কোনো হৃদয়বান ব্যক্তিয়ে পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে ইউনাইটেড বেংক অব ইণ্ডিয়াৰ হাকামা শাখাৰ বেংক একাউন্ট নম্বৰ 1086010560412 IFSC - UTBIOHAKG66 অথবা 9678835730 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details