পূৱ বিলাসীপাৰা, 07 ছেপ্তেম্বৰ:একালৰ বৃন্দাবন একালত পৰে চন । পূৱ বিলাসীপাৰাৰ চাপৰতেই বসবাস কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিংহপুৰুষ জননেতা শৰৎ চন্দ্ৰ সিংহ । তাৰ স্মৃতি হিচাপে আজিও ভকত গাঁৱৰ সৌষ্টৱ বৰ্ধন কৰি আছে কোপত নীড় নামৰ জননেতাৰ ঘৰটো । জননেতাগৰাকীৰ স্মৃতি হিচাপে এই স্থানত নিৰ্মাণ কৰা হৈছে শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক প্ৰকল্প । কিন্তু চাপৰ নগৰৰ পাখিৰীতলৰ পৰা চাপৰ চাহ বাগিছালৈ যাতায়তৰ একমাত্ৰ গড়কাপ্তানী পথটোৰ এতিয়া চৰম দুৰৱস্থা ।
নিউ ময়নাগুৰীৰ পৰা যোগীঘোপালৈ নিৰ্মীয়মান ৰে’লপথৰ এখন দলঙৰ বাবে যমৰ যাতনা ভুগি আছে দহখনকৈ গাঁৱৰ ৰাইজ । কাৰণ এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় গুৰুত্বপূৰ্ণ এই পথটোত । অভাৰ ব্ৰীজখনৰ তলেৰে দৈনিক যাতায়ত কৰে তিনিখনকৈ চাহ বাগিছাৰ লোক, চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী ।