বিলাসীপাৰা, 14 এপ্ৰিলঃ লক ডাউনৰ ফলত বহু দৰিদ্ৰ লোকৰ সমান্তৰালকৈ জুৰুলা হৈ পৰিছে সাধাৰণ কৃষিজীৱী লোক । এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৃষি প্ৰধান বিলাসীপাৰাতো কৃষকৰ উৎপাদিত তৰমুজ বৰ্তমান নষ্ট হোৱাৰ পথত । বিলাসীপাৰাৰ 10 নং ৱাৰ্ডৰ বামুণপাৰা হাতীপোতা 2য় খণ্ড গাঁৱৰ একাংশ কৃষকে, বন্ধন বেংকৰ পৰা ঋণ লৈ বিঘাই বিঘাই তৰমুজ খেতি কৰিছিল । কিন্তু লক ডাউনৰ বাবে উৎপাদিত তৰমুজ বিক্ৰী কৰিব নোৱাৰাত এতিয়া খেতিতে পকি গেলিব ধৰিছে তৰমুজ । ফলত বৰ্তমান দিশহাৰা হৈ পৰিছে কৃষক তথা কৃষকৰ পৰিয়ালসমূহ । এই ক্ষেত্ৰত চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কোনো ভুক্তভোগী কৃষকসকলে ।
দিশহাৰা হৈ পৰিছে বিলাসীপাৰাৰ তৰমুজ খেতিয়কসকল - জুৰুলা হৈ পৰিছে সাধাৰণ কৃষিজীৱী লোক
লক ডাউনৰ বাবে বজাৰৰ অভাৱত বিলাসীপাৰাৰ 10 নং ৱাৰ্ডৰ বামুণপাৰাৰ অন্তৰ্গত 2য় খণ্ড গাঁৱৰ একাংশ কৃষকে, বন্ধন বেংকৰ পৰা ঋণ লৈ বিঘাই বিঘাই খেতি কৰা তৰমুজ এতিয়া পকি গেলিব ধৰিছে খেতিপথাৰতে ।
![দিশহাৰা হৈ পৰিছে বিলাসীপাৰাৰ তৰমুজ খেতিয়কসকল pathetic condition of the watermelon cultivators in bilashipa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6786382-thumbnail-3x2-kk.jpg)
pathetic condition of the watermelon cultivators in bilashipa
দিশহাৰা হৈ পৰিছে বিলাসীপাৰাৰ তৰমুজ খেতিয়কসকল