ধুবুৰী, 3 মে': ইৰি ধান খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ চিন্তিত কৃষক ৰাইজ । ধুবুৰীৰ গৌৰীপুৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা ইৰি খেতিত দেখা দিছে অচিন ৰোগে । নীৰৱ কৃষি বিভাগ ৷ ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে গৌৰীপুৰৰ ইৰি ধানৰ খেতিত ৰোগৰ প্ৰাদুৰ্ভাৱ । ফলত চিন্তিত হৈ পৰিছে কৃষক সকল । গৌৰীপুৰ বিধানসভা সমষ্টিৰ নিবনুৱা যুৱকসকলে চৰকাৰী চাকৰিৰ আশা এৰি কৃষি কৰ্মত জড়িত স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ সময়তে খেতিত দেখা দিয়া অচিন ৰোগৰ বাবে চিন্তিত হৈ পৰিছে কৃষকসকল ৷ ৰোগৰ লক্ষণ অনুসৰি ধানবোৰ বগা হৈ মৰি যাবলৈ লোৱাত পতান হোৱাৰ আশংকা কৰিছে কৃষক সকলে ।
গৌৰীপুৰত ইৰি ধানত অচিন ৰোগ - অসম নিউজ
গৌৰীপুৰ বিধানসভা সমষ্টিৰ নিবনুৱা যুৱকসকলে চৰকাৰী চাকৰিৰ আশা এৰি কৃষি-কৰ্মত জড়িত স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ সময়তে খেতিত দেখা দিয়া অচিন ৰোগৰ বাবে চিন্তিত হৈ পৰিছে কৃষকসকল ৷

গৌৰীপুৰত ইৰি ধানত অচিন ৰোগ
গৌৰীপুৰত ইৰি ধানত অচিন ৰোগ
আনহাতে, ভুক্তভোগী কৃষকসকলে ৰোগ সন্দৰ্ভত জিলা কৃষি বিভাগক অৱগত কৰাৰ পাচত কৃষি বিভাগৰ ফালৰ পৰা খেতি সমূহ পৰ্যবেক্ষণ কৰি যায় যদিও বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে কৃষি বিভাগৰ বিৰুদ্ধে ৷