নিউজ ডেস্ক, 30 নৱেম্বৰঃ ৰাজ্যজুৰি হোৱা শিক্ষকৰ প্ৰতিবাদত কঁপিল আকাশ-বতাহ ৷ সৰ্বত্ৰে প্ৰতিবাদ মাথোঁ প্ৰতিবাদ ৷ ছয় দফীয়া দাবীৰ ভিত্তিত এতিয়া শিক্ষক সমাজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বিভিন্ন দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত উত্তাল কৰি তোলে পৰিৱেশ ৷ধুবুৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন শতাধিক শিক্ষকৰ ৷ অখিল ভাৰতীয় শিক্ষক সংঘৰ আহ্বানত ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষকসকলে ৷ শিক্ষকসকলৰ এই দাবীত চৰকাৰে সঁহাৰি নিদিলে পৰৱৰ্তী সময়ত জিলা উপায়ুক্ত কাৰ্যালয় তথা দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা উল্লেখ কৰে ৷
ইফালে, অখিল ভাৰতীয় শিক্ষক সন্মিলনীৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদত উত্তালচতিয়াও ৷ জামুগুৰিহাটৰ নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে তেজপুৰ মহকুমা শিক্ষক সন্মিলনীয়ে ৷
আনহাতে,গোলাঘাটতো প্ৰতিবাদত বহিল শিক্ষক সমাজ ৷ গোলাঘাটৰ পূৱ শিক্ষা খণ্ডত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে শ শ শিক্ষকে ৷ বিভিন্ন দাবীৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷
অন্যহাতে তিনিচুকীয়াতো জিলা প্ৰাথমিক শিক্ষা সন্মিলনীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নতুন পেঞ্চন নীতি বাতিল কৰাৰ লগতে কেবাটাও গুৰুত্বপূৰ্ণ দাবী চৰকাৰলৈ উত্থাপন কৰে প্ৰতিবাদী শিক্ষক সমাজে ৷
আনফালে, শিলচৰতো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ শিলচৰৰ স্কুলসমূহৰ উপ-পৰিদৰ্শকৰ অফিচৰ এই সন্মূখত বহা এই ধৰ্ণাত অংশগ্ৰহণ কৰে বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷
বঢ়মপুৰতো কঁপিল শিক্ষা বিষয়াৰ কাৰ্যালয় ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কঠিয়াতলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালনাত শতাধিক শিক্ষকে বিভিন্ন দাবীৰে কঠিয়াতলী শিক্ষা বিষয়া কাৰ্যালয়ত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷
ওদালগুৰিতো ৰূপায়ন শিক্ষক সমাজৰ ধৰ্ণা কাৰ্যসূচী ৷ ওদালগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰা এই কাৰ্যসূচীত শতাধিক শিক্ষকে হাতে হাতে বেনাৰলৈ বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
ইফালে নলবাৰীতো প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ৷ পূৱ নলবাৰী শিক্ষা বিষয়াৰ কাৰ্যালয়ত নতুন পেঞ্চন নীতি বাতিল কৰি আগৰ পেঞ্চন নীতি বাহাল ৰাখক, ঠিকা ভিওিক সকলো শিক্ষকৰে চাকৰি নিয়মীয়াকৰণৰ দাবী আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
চিৰাঙতো প্ৰতিবাদেৰে কঁপালে শিক্ষক সমাজে ৷ চিৰাং জিলাৰ বিজনী বিদ্যালয়সমুহৰ উপ পৰিদৰ্ষকৰ কাৰ্যালয়ৰ সন্মুখত আৰু বেংতল ব্লক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ।