ধুবুৰী, ১৮ নৱেম্বৰ :এটা নলাৰ বাবে দৈনন্দিন জীৱন প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে ধুবুৰীৰ গৌৰীপুৰ পৌৰসভাৰ প্ৰায় ৩ শতাধিক পৰিয়ালৰ । নলাৰ আৱৰ্জনা আৰু দুৰ্গন্ধই সংকটত পেলাইছে লোকসকলক । নলাৰ সমীপৰ পথেৰে যাত্ৰা কৰাটো অসম্ভৱ হৈ পৰিছে অঞ্চলটোৰ লোকসকলৰ বাবে । আটাইতকৈ বেছি প্ৰভাৱিত হৈছে নলাৰ সমীপত থকা ২৪০২ নং মজিবৰ ৰহমান মেমোৰিয়াল এল পি স্কুলৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল ।
উল্লেখ্য যে ধুবুৰীৰ গৌৰীপুৰ নগৰৰ ১ নং ৱাৰ্ডত আছে এই নলাটো । ৩ বছৰমান পূৰ্বে ১ নং ৱাৰ্ডৰ পৰা মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱলৈ যোৱা পথটোৰ এটা অংশত ৭ লক্ষাধিক টকা খৰচ কৰি এই নলাটো নিৰ্মাণ কৰা হৈছিল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অতি নিম্নমানৰ কাম হোৱাৰ বাবে নলাটোৰ লেতেৰা-দুৰ্গন্ধময় পানী পথটোৰ মাজেৰে পাৰ হৈছে । সেই লেতেৰা পানী গচকিয়ে লোকসকলে যাতায়ত কৰিবলগীয়া হৈছে ।