অসম

assam

ETV Bharat / state

চিকিৎসা কৰ্মীৰ গুৰুত্বহীনতাৰ বাবে ধুবুৰীত এজন যুৱকৰ মৃত্যুৰ অভিযোগ - অশ্ব ৰোগত আক্ৰান্ত এজন যুৱকৰ মৃত্যু

আজি ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয় অশ্ব ৰোগত আক্ৰান্ত এজন যুৱকৰ ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চিকিৎসাৰ দায়িত্বত থকা চিকিৎসা কৰ্মীৰ গুৰুত্বহীনতাৰ বাবেই মৃত্যুক সাৱটি লয় যুৱকজনে ৷

এজন যুৱকৰ মৃত্যুৰ অভিযোগ
এজন যুৱকৰ মৃত্যুৰ অভিযোগ

By

Published : Mar 27, 2020, 10:14 PM IST

ধুবুৰী, 27 মাৰ্চঃধুবুৰীত চিকিৎসক আৰু নাৰ্চৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ ৷ গৌৰীপুৰৰ ঝালেৰ আলগা অঞ্চলৰ আব্দুল মালেক শেখৰ পুত্ৰ ছফিয়ৰ ৰহমান শেখ (২৮) নামৰ যুৱকজন অশ্ব ৰোগত আক্ৰান্ত হোৱাত আজি পুৱা ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু দিনৰ প্ৰায় 2 বজাত চিকিৎসালয়খনতে মৃত্যু হয় যুৱকজনৰ ৷ ইয়াৰ পিচতেই ক্ষুব্ধ হৈ পৰে ছফিয়ৰ ৰহমানৰ আত্মীয় তথা পৰিয়াল ৷ অভিযোগ অনুসৰি চিকিৎসাৰ দায়িত্বত থকা চিকিৎসা কৰ্মীয়ে যুৱকজনৰ চিকিৎসাত গুৰুত্ব আৰোপ কৰা নাছিল ৷

চিকিৎসা কৰ্মীৰ গুৰুত্বহীনতাৰ বাবে ধুবুৰীত এজন যুৱকৰ মৃত্যুৰ অভিযোগ

ABOUT THE AUTHOR

...view details