ধুবুৰী, 18 এপ্ৰিল :ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত কয়দীৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে ৰহস্যঘন পৰিস্থিতি ।ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত এজন কয়েদীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী সদৰ চহৰৰ ইন্দিৰা গান্ধী পথৰ চৈধ্য নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুছ ছাত্তাৰৰ পুত্ৰ জিয়াৰুল হক (28) বিলাসীপাৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120 (B)/420, 379 ধাৰাত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত তিনিদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল জিয়াৰুল (Prisoner suicide cas at Dhubri District Jail)।
ধুবুৰী আদালতত দোষী সাব্যস্ত হোৱাৰ পিচতে 14 এপ্ৰিলৰ দিনা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল জিয়াৰুলক । কিন্তু সোমবাৰৰ সন্ধিয়াৰ ভাগত ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত থকা কয়দীৰ স্নানাগাৰত হঠাৎ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় কয়দী জিয়াৰুল হক । কিন্তু আৰক্ষী প্ৰশাসন অথবা কাৰাগাৰ কৰ্তৃপক্ষই এয়া আত্মহত্যা বুলি ক’ব বিচাৰিলেও জিয়াৰুলৰ পৰিয়ালৰ লোকে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ (Mysterious suicide case at Dhubri District Jail) ।