অসম

assam

ETV Bharat / state

দুই বন্ধুৱে মিলি ব্যৱসায়ী বন্ধুক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত - etv bharat

ধুবুৰীৰ বিলাসীপাৰা মহকুমাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ৷ দুই বন্ধুৱে জুয়েলাৰী ব্যৱসায়িক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰ নদীত ৷

দুই বন্ধুৱে মিলি ব্যৱসায়ী বন্ধুক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত

By

Published : Sep 10, 2019, 7:04 AM IST

দুই বন্ধুৱে মিলি ব্যৱসায়ী বন্ধুক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত

ধুবুৰী, 10 ছেপ্তেম্বৰ: ধনৰ বাবেই দুই বন্ধুৱে মিলি হত্যা কৰিলে জুয়েলাৰী ব্যৱসায়ী বন্ধুক ৷ এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিয়াজবাৰী গাঁৱত ৷ বিগত কেইবাদিন ধৰি গাঁওখনৰ আক্তাৰ হোছেইন মোল্লা নামৰ লোকজন নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে আঠানী আৰক্ষী চকীত ৷ উক্ত এজাহাৰৰ ভিত্তিত আঠানী আৰক্ষীয়ে আক্তাৰৰ লগৰীয়া তথা হত্যাকাণ্ডত অভিযুক্ত যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় একাংশ ৰাইজ আৰু বন্দিহানা আৰক্ষীৰ সহযোগত ৷ আৰক্ষীয়ে আটক কৰা হত্যাকাৰী যুৱক দুজন ক্ৰমে, ৰমজান আলী আৰু সাহ আলম সেখ । মৃত আক্তাৰৰ লগত নগদ ৬ লাখ টকা আছিল বুলি প্ৰকাশ কৰে পৰিয়ালৰ লোকে । দেওবাৰে নিশা গৌৰীপুৰ আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা দুয়োজন যুৱকে ব্যৱসায়ী আক্তাৰক নিৰ্মম ভাবে হত্যা কৰাৰ স্বীকাৰ কৰে দুয়োজন যুৱকে ৷ হত্যাকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে পুৱাৰে পৰা জিলা প্ৰশাসন আৰু এন ডি আৰ এফৰ জোৱানে জলেশ্বৰৰ বুঢ়াবুঢ়িৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীত চলাইছে ব্যৱসায়ী আক্তাৰৰ মৃতদেহৰ উদ্ধাৰ অভিযান ৷ সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ লগতে ফাঁচীৰ দাবী জনাই আক্তাৰৰ পৰিয়ালে ৷
উল্লেখ্য যে, বিগত ৭ ছেপ্তেম্বৰৰ পুৱা লগৰীয়া দুজন বন্ধুৱে সস্তীয়া দামত জলেশ্বৰৰ পৰা সোণ ক্ৰয় কৰি দিয়াৰ প্ৰলোভনৰে জুয়েলাৰী ব্যৱসায়ী আক্তাৰক লৈ যায় ব্ৰহ্মপুত্ৰৰ পাৰঘাটলৈ । ইঞ্জিন চালিত নাওঁ ভাৰা কৰি বন্ধু দুজনে আক্তাৰক বাহিৰ শালমাৰাৰ ডিমাতলা ব্ৰহ্মপুত্ৰ নদীৰে লৈ যায় দুৰ্গম চৰাঞ্চললৈ ৷

ABOUT THE AUTHOR

...view details