অসম

assam

By

Published : Apr 15, 2020, 11:18 AM IST

ETV Bharat / state

ধুবুৰীত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলা

কোভিড-১৯ ত আক্ৰান্ত হৈছে ধুবুৰীৰ এগৰাকী মহিলা ৷ বৰ্তমানলৈ ধুবুৰীত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা 4 জনলৈ বৃদ্ধি পাইছে । মহিলাগৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আন 4জনক চিকিৎসালয়ৰ সন্মুখত থকা গেষ্ট হাউছত কোৱাৰেণ্টাইনত ৰখা হয় ৷

কোভিড-১৯ত আক্ৰান্ত ধুবুৰীৰ এগৰাকী মহিলা
কোভিড-১৯ত আক্ৰান্ত ধুবুৰীৰ এগৰাকী মহিলা

ধুবুৰী,15 এপ্ৰিলঃ ধুবুৰীত কোভিড-১৯ত আক্ৰান্ত হৈছে আন এগৰাকী মহিলা। আক্ৰান্ত মহিলাগৰাকী ধুবুৰীৰ বিলাসীপাৰাৰ হাকামা অঞ্চলৰ কোভিড-১৯ ত আক্ৰান্ত হোৱা দ্বিতীয়জন লোকৰ পত্নী বুলি জানিব পৰা গৈছে । বৰ্তমানলৈ ধুবুৰীত আক্ৰান্তৰ সংখ্যা 4 জনলৈ বৃদ্ধি পাইছে ।

কোভিড-১৯ত আক্ৰান্ত ধুবুৰীৰ এগৰাকী মহিলা
উল্লেখ্য যে, ৯ এপ্ৰিলত ধুবুৰীত কোভিড-১৯ত এজন লোক আক্ৰান্ত হোৱা বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে ১০ এপ্ৰিলত লোকজনৰ পত্নীসহ 5 জনীয়া পৰিয়ালটোক পৰীক্ষাৰ বাবে কোৱাৰেণ্টাইন কৰি নমুনা সংগ্ৰহ কৰিবলৈ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ ১৪ এপ্ৰিল অৰ্থাৎ মঙলবাৰে লোকজনৰ পত্নীৰ দেহতো কৰ’ণা ভাইৰাছৰ চিন ধৰা পৰে ৷ আক্ৰান্ত হোৱা ধুবুৰীৰ দ্বিতীয়জন লোক নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত থকাৰ উপৰিও তেওঁ আঠগাঁও কবৰস্থান মছজিদত নামাজত অংশগ্ৰহণ কৰিছিল । মহিলাগৰাকীক ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । লগতে পৰিয়ালৰ আন 4জন সদস্যক চিকিৎসালয়ৰ সন্মুখত থকা গেষ্ট হাউছত কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ লগতে পঢ়কঃবাক্সাৰ তামুলপুৰত সুৰাসহ আটক দুজন

ABOUT THE AUTHOR

...view details