বিলাসীপাৰা, 2 আগষ্ট : ৰাজ্যখনত এতিয়াও হ্ৰাস পোৱা নাই জাপানীজ এনকেফেলাইটিছৰ আতংক ৷ মহামাৰী ৰোগবিধে প্ৰাণ লৈছে এজনৰ পাছত আনজনৰ ৷ শুকুৰবাৰে ধুবুৰী জিলাৰ চাপৰৰ এজন 22 বৰ্ষীয় যুৱকে এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ৷ বাৰুনীতাৰা 1 ম খণ্ডৰ প্ৰয়াত নৰেশ্বৰ ৰায়ৰ একমাত্ৰ সন্তান হিৰকজ্যোতি ৰায় প্ৰায় 10 দিন ধৰি এনকেফেলাইটিছত আক্ৰান্ত হৈ আছিল ৷ প্ৰথমে বঙাইগাঁওস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে 24 জুলাই তাৰিখে GMCH ত ভৰ্তি কৰোৱা হয় ।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু
ধুবুৰী জিলাৰ চাপৰৰ হিৰকজ্যোতি ৰায় নামৰ এজন যুৱকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু
অৱশেষত শুকুৰবাৰৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে । যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ।