ধুবুৰী, 22 জানুৱাৰী : ধুবুৰী জিলাত ব্যাপক হাৰত সংক্ৰমণ ঘটিছে কৰ’ণা আক্ৰান্তৰ (Corona cases increases in Dhubri) ৷ বিগত 24 ঘণ্টাত জিলাখনত আক্ৰান্ত হৈছে 235 গৰাকী ৷ কৰ’ণাৰ তৃতীয় প্ৰবাহ অ’মিক্ৰণে বাৰুকৈয়ে চুই গৈছে জিলাখনক ৷ শুকুৰবাৰে ধুবুৰীত কৰ’ণাত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু ঘটাত (covid positive women dead) স্বাভাৱিকতে আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল ৷
জানিব পৰা মতে, ধুবুৰীৰ ছাগলচৰা দ্বিতীয় খণ্ড গাঁৱৰ ওপিয়া বিবি নামৰ ৪৫ বছৰীয়া মহিলা গৰাকী কৰ’ণাত আক্ৰান্ত হৈ বিগত ১৭ মাৰ্চৰ পৰা হোম আইচ’লেচনত আছিল ৷ কিন্তু মহিলাগৰাকী যোৱা বুধবাৰে নিজ ঘৰতেই শেষ নিশ্বাস ত্যাগ কৰে ৷ ক’ভিড টেষ্টৰ ফলাফল অনুযায়ী মহিলাগৰাকী কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সদৰি কৰে জিলাখনৰ স্বাস্থ্য বিভাগে ৷