অসম

assam

By

Published : Jun 16, 2020, 4:19 PM IST

ETV Bharat / state

পূৱ বিলাসীপাৰাত এটি শিশুৰ সলিল সমাধি

পূৱ বিলাসীপাৰাৰ চৈবাৰীত সংঘটিত এক শোকাৱহ ঘটনা। খেলিবলৈ গৈ পানীত পৰি সলিল সমাধি ঘটে এটি ৬ বছৰীয়া শিশুৰ ৷

One Child Dead in Demp At Dhubri East Bilashipara
পূৱ বিলাসীপাৰাত এটি শিশুৰ সলিল সমাধি

পূৱ বিলাসীপাৰা,16 জুনঃ ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰীত সংঘটিত হয় এটা অঘটন ৷ পানীত পৰি এটি ৬ বছৰীয়া শিশুৰ সমাধি হয় ৷ ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত চৈবাৰী হিন্দুপাৰাত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা। পূৱা খেতিপথাৰত খেলিবলৈ গৈ আবু মেহদী (৬ বছৰ) নামৰ শিশুটিৰ সলিল সমাধি ঘটে। জানিব পৰা মতে শিশুটি পূৱা ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। পিছত ঘৰৰ লোকসকলে বিচাৰি ফুৰাত ঘৰৰ পিছ ফালে পিতৃয়ে শিশুটি পানীত উপঙি থকা প্ৰত্যক্ষ কৰে। লগে লগে শিশুটিক ৰঙামাটিত থকা চম্পাৱতী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে চাপৰ আৰক্ষীয়ে শিশুটিৰ মৃতদেহ ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উক্ত ঘটনাটোৱে ইতিমধ্যে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

পূৱ বিলাসীপাৰাত এটি শিশুৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details