অসম

assam

ETV Bharat / state

চাপৰৰ নিউ হাতিপোতাত আটক এজন তীৰ বুকী - তীৰ খেলৰ সা-সামগ্ৰী

চাপৰৰ নিউ হাতিপোতাত আটক আব্দুছ ছবুৰ নামৰ এজন তীৰৰ বুকী সহ তীৰ খেলৰ সা-সামগ্ৰী আৰু নগদ ১৮ হাজাৰ টকা ৷

One arrested in Sapor
চাপৰৰ নিউ হাতিপোতাত আটক এজন তীৰ বুকী

By

Published : Aug 28, 2020, 10:37 AM IST

পূৱ বিলাসীপাৰা, 28 আগষ্টঃপূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰব্যৰ প্ৰচলনৰ লগতে তীৰ, জুৱা আদি বিভিন্ন কাৰ্যকলাপ । চাপৰ ৰাজহ চক্ৰৰ বিভিন্ন স্থানত চলিছে মুকলিভাৱে তীৰ খেলৰ ৰমৰমীয়া বেহা ।

চাপৰৰ নিউ হাতিপোতাত আটক এজন তীৰ বুকী

এক গোপন সূত্ৰৰ ভিত্তিত শালকোচা আৰক্ষীয়ে বৃহস্পতিবাৰে নিউ হাতীপোতাত অভিযান চলাই হাতে-লোটে আটক কৰে আব্দুছ ছবুৰ নামৰ এজন তীৰ বুকীসহ তীৰ খেলৰ সা-সামগ্ৰী আৰু নগদ ১৮ হাজাৰ টকা । ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ উমান পাই বহু লোকে পলায়ন কৰে । সম্প্ৰতি আটকাধীন আব্দুছ ছবুৰ শালকোচা আৰক্ষীৰ জিম্মাত ৷

লগতে পঢ়কঃলোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details